Road construction works at Kokila : কীৰ্ত্তনপাৰা – ডাঙাইগাওঁ সংযোগী পকী পথৰ কামৰ শুভাৰম্ভ
কোকিলা,৯জানুৱাৰী : কীৰ্ত্তনপাৰা – ডাঙাইগাওঁ সংযোগী পকী পথৰ কামৰ শুভাৰম্ভ । বঙাইগাঁও লোক নিৰ্মান বিভাগৰ অন্তৰ্গত ডাঙাইগাঁৱৰ পৰা কীৰ্ত্তনপাৰা সংযোগী পথৰ কামৰ শুভ আৰম্ভনি কৰে স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে । ১০ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া পথটোৰ কামৰ শুভ আৰম্ভ বিধায়ক আব্দুল বাতিন খন্দকাৰ(Road construction works at Kokila)।
যোৱা কেইবছৰ পৰা বানপানীয়ে ৰাস্তটোৰ মাজত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছিল। যাৰ ফলত যাতায়ত ব্যাহত হৈ পৰিছিল বৃহত্তৰ অঞ্চলৰ ৰাইজৰ। জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হৈছিল হাজাৰ হাজাৰ লোক।
অৱশেষত বিধায়ক আব্দুল বাতিন খন্দকাৰৰ তৎপৰতাত ৰাস্তাটোৰ কামৰ আবন্টন লাভ কৰে বিশিষ্ট ঠিকাদাৰ ৰুদ্ৰ কুমাৰ পাঠকে। আজি বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰৰ উপস্থিতিত বিধায়ক আব্দুল বাতিন খন্দকাৰে পথটোৰ কামৰ শুভাৰম্ভ কৰে । পথটোৰ কাম সম্পূৰ্ণ হলে হাজাৰ লোকৰ যাতায়ত সুচল হৈ পৰিব।
লগতে পঢ়ক :Charaideo Mahotsav 2025: চৰাইদেউ মহোৎসৱৰ শুভাৰম্ভ