Local, Vocal, Global

ডিমা হাচাও জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকে নিলম্বন কৰিলে ৯জন স্বাস্থ্য সেৱা কৰ্মীক

নিউজ ডেস্ক, ১০ জুলাই : অসমৰ ডিমা হাচাও জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকে হাফলঙৰ খেপ্ৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ (Khepre Primary Health Centre, PHC) ৯জন স্বাস্থ্য সেৱা কৰ্মীক নিলম্বন কৰিছে।

দায়িত্ব পালনত অনিয়ম আৰু অৱহেলাৰ বাবে ডিমা হাচাও জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকে নিলম্বিত কৰিছে স্বাস্থ্য কৰ্মীসকলক।

বিভাগীয় তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ৯জন শ্ৰমিকক নিলম্বনৰ অধীনত ৰখা হৈছে।

উল্লেখ্য যে, নিলম্বিত ব্যক্তিসকলৰ ভিতৰত আছে এজন MBBS চিকিৎসক, দুজন ফাৰ্মাচিষ্ট, চাৰিগৰাকী নাৰ্ছ আৰু স্বাস্থ্য কেন্দ্ৰৰ দুজন চতুৰ্থ বৰ্গৰ কৰ্মী।

বাতৰি অনুসৰি, ডিমা হাচাওত নিযুক্তি প্ৰাপ্ত চিকিৎসকসকলে কেৱল হাফলঙত হে কাম কৰিবলৈ পছন্দ কৰে, যাৰ ফলত জিলাখনৰ গ্ৰাম্য অঞ্চলত চিকিৎসা সুবিধাৰ অৱনতি ঘটিছে।