G20 Summit : বাইডেনৰ কভিড’ নিগেটিভ ,ভাৰতলৈ আহিবলৈ সাজু আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী
নেশ্যনেল ডেস্ক, ৬আগষ্ট : ভাৰতলৈ আহিবলৈ সাজু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো’ বাইডেন । নতুন দিল্লীলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি (Joe Biden to meet PM Modi on September 8)
উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো’ বাইডেনে পুনৰ Covid-19 নিগেটিভ পোৱা গৈছে আৰু অহা ৯-১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই সন্মিলনৰ বাবে বৃহস্পতিবাৰে ভাৰত ভ্ৰমণ কৰিব আৰু শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব বুলি আমেৰিকাৰ শীৰ্ষ বিষয়াসকলে প্ৰকাশ কৰিছে (Biden tests Covid negative again to meet PM Modi on Friday)।
আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে হোৱাইট হাউছত এক সংবাদমেলত কয় যে,”বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি গৰাকীয়ে জি-২০ নেতাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লীলৈ যাত্ৰা কৰিব। শুকুৰবাৰে ৰাষ্ট্ৰপতি বাইডেনে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব” । শনিবাৰ আৰু দেওবাৰে জি-২০ৰ আনুষ্ঠানিক অধিবেশনত অংশগ্ৰহণ কৰিব (US President Joe Biden tests negative for Covid-19) ।
হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰিন জিন পিয়েৰে কয় যে, ভাৰত ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি বাইডেনে চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (চিডিচি)ৰ Covid-19 গাইডলাইন মানি চলিব।
সোমবাৰে বাইডেনৰ পত্নীৰ দেহত কভিড’ পজিটিভ পোৱাৰ পাছত সোমবাৰ আৰু মঙলবাৰে বাইডেনৰ ক’ভিড টেষ্ট কৰা হৈছিল যদিও তেওঁৰ ৰিজাল্ট নিগেটিভ পোৱা গৈছিল।
বাইডেনক ভাৰত ভ্ৰমণৰ বাবে আগ্ৰহী নেকি বুলি সোধা সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, “হয়, মই আগ্ৰহী ”।
ইফালে এন এছ এয়ে কয় যে, বাইডেনে মুক্ত বজাৰৰ অংশীদাৰসকলৰ সৈতে কাম আগবঢ়াই নিবৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ । “G 20 ৰ প্ৰতি আমেৰিকাৰ দায়ৱদ্ধতা কেতিয়াও সলনি হোৱা নাই আৰু আমি আশা কৰোঁ যে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই G 20 শীৰ্ষ সন্মিলনে বিশ্বৰ প্ৰধান অৰ্থনীতিসমূহে প্ৰত্যাহ্বানমূলক সময়তো একেলগে কাম কৰিব পাৰে(G20 Summit)।
“ৰাষ্ট্ৰপতি বাইডেনে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ লগতে শ্ৰমিকসকলক সবলীকৰণ কৰাৰ লগতে ভৱিষ্যতৰ উদ্যোগসমূহত স্মাৰ্ট বিনিয়োগ কৰি আমেৰিকাৰ অৰ্থনীতিৰ তলৰ পৰা মাজভাগলৈকে পুনৰ নিৰ্মাণৰ কাম কৰিছে বুলিও তেওঁ কয় । “আমি ভাবো যে বিশ্বৰ দেশসমূহেও, একে ধৰণৰ পদ্ধতিৰ দ্বাৰা লাভৱান হ’ব পাৰে, আৰু তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত আমি তেওঁলোককো সহায় কৰিব পাৰো । আৰু সেয়াই হৈছে G-20 ত আমাৰ অন্যতম মূল কেন্দ্ৰবিন্দু ।”
লগতে পঢ়ক :Rahul Gandhi Europe Tour : সপ্তাহজোৰা ভ্ৰমণসূচীৰে ইউৰোপলৈ ৰাওনা কংগ্ৰেছ নেতা ৰাহুল গান্ধী