Local, Vocal, Global

ট্ৰাম্পক ধৰাশায়ী কৰা বাইডেনৰ জীৱন কথা

সৰুতে কথা কওঁতে খোনোৱা জ’ বাইডেন ৰাষ্ট্ৰপতি হ’ল । ক্লাছ প্ৰেচিডেণ্টৰ পৰা গৈ আমেৰিকাৰ প্ৰেচিডেণ্ট বাইডেন । পত্নী-সন্তানক হেৰুৱাই শোকগ্ৰস্ত বাইডেন আজি অপ্ৰতিৰোধ্য । সৰুতে খোনাই খোনাই কথা কোৱা জোছেফ ৰবিনেট বাইডেনে আজি আৰু থমকি নৰয় ৷ স্কুলত নিজৰ শ্ৰেণীক নেতৃত্ব দিয়া জোছেফে এতিয়া নেতৃত্ব দিব বিশ্বৰ আটাইতকৈ শক্তিশালী দেশখনক ৷

শৈশৱ,কৈশোৰ আৰু যৌৱন 

আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি জ’ বাইডেনৰ জন্ম ১৯৪২ চনৰ ২০ নবেম্বৰত । আমেৰিকাৰ পেনচিলভেনিয়াত আইৰিচ বংশোদ্ভৱ পিতৃ জোছেফ আৰু মাতৃ কেথৰিনৰ জে্যষ্ঠ সন্তান আছিল বাইডেন ৷ খনিজতেলৰ পাৰিবাৰিক ব্যৱসায় পৰিয়ালটোৰ৷ চহকী পৰিয়ালটো বিধিৰ বিপাকত দুখীয়া হৈ পৰিছিল৷ ব্যৱসায়িক বিপৰ্যয়ত কোঙা হৈ পৰিছিল বাইডেনৰ পিতৃ জোছেফ ৷ জোছেফৰ পৰিয়ালে আশ্ৰয় ল’বলগীয়া হৈছিল মোমায়েকৰ গৃহত ৷ তাৰপাছতো বহুবাৰ ঠিকনা সলনি হৈছিল বাইডেন পৰিয়ালৰ ৷ শেষত ছেকেণ্ডহেণ্ড গাড়ীৰ চেলচ্‌মেনৰ কাম কৰিবলৈ লৈছিল জোছেফ বাইডেন ছিনিয়ৰে ৷ কিন্তু ২ ভাতৃ আৰু  এজনী ভগ্নীৰে সৈতে বাইডেনৰ পৰিয়ালে ঘূৰাই নাপালে হেৰুৱা আভিজাত্য ৷পঢ়া-শুনাত মজলীয়া বিধৰ ছাত্ৰ আছিল বাইডেন ।ফুটবল আৰু বেছবলত আছিল পাৰ্গত । বিশ্ব বিদ্যালয় পৰ্যন্ত ফুটবলাৰ হিচাপে সুনাম অৰ্জন কৰা বাইডেনে । ১৯৬৫ চনত ডেলোৱাৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উপাধি লাভ কৰে ৷ বিষয় আছিল ইতিহাস, ৰাষ্ট্ৰবিজ্ঞান আৰু ইংৰাজী ৷ অৱশ্যে ফলাফল বৰ উন্নত নাছিল ৷ ১৯৬৮ চনত ছাইৰাকিউছ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে ।এইবাৰো ৮৫জন ছাত্ৰী-ছাত্ৰীৰ মাজত বাইডেনৰ স্থান আছিল ৭৬ হে ৷ এই সময়চোৱাতে আইনাৰ সন্মুখত দৈনিক কবিতা পাঠ কৰি খোনোৱাৰ সমস্যা নোহোৱা কৰিবলৈ সক্ষম হৈছিল বাইডেন ৷

বাইডেনৰ প্ৰথম চাকৰি এখন ল ফাৰ্মত

কৰ্মস্থলীতে সক্ৰিয় ৰাজনীতিৰ সৈতে জডি.ত হয় বাইডেন৷ বাইডেনে কাম কৰা প্ৰথমখন ল ফাৰ্মৰ মূৰব্বী আছিল এজন ৰিপািব্লকান৷ দ্বিতীয়খন ল ফাৰ্মত এজন ডেমক্ৰেট মূৰব্বীৰ সান্নিধ্যত সক্ৰিয়ভাৱে নিজেও ডেমক্ৰেট পন্থী হৈ পৰে বাইডেন৷ লাহে লাহে অধিবক্তা বাইডেনতকৈ অধিক সবল হৈ পৰে বাইডেনৰ ৰাজনৈতিক পৰিচয়৷ প্ৰথমে কাউণ্টি কাউঞ্চিলৰ দায়িত্ব৷

১৯৭২ চনত চিনেটৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা,সমানে আহিল বিপৰ্যয়

প্ৰথম  নিৰ্বাচনতে জয় লাভ কৰি ডেলোৱাৰৰ পৰা  চিনেটৰ হৈছিল বাইডেন৷ কিন্তু চিনেটৰ হিচাপে শপত গ্ৰহণৰ সময়ত বাইডেন বুৰ গৈ আছিল শোক সাগৰত৷ পথ দুৰ্ঘটনাত আহত হৈ হাস্পতালত চিকিৎসাধীন হৈ আছিল দুই কনমানি পুত্ৰ৷ পত্নী নেইলিয়া আৰু কণমানি কন্যা নাওমিৰ মৃত্যু দুৰ্ঘটনাত৷ ১৯৬৬ চনত শিক্ষাবিদ নেইলিয়া হাণ্টাৰেৰে বিবাহপাশত আৱদ্ধ হৈছিল বাইডেন৷ ১৯৭২ চনৰ ১৮ ডিচেম্বৰ মাহত নেইলিয়াই খৃষ্টমাচ ট্ৰি কিনিবলৈ তিনি সন্তানসহ গাড়ী  চলাই গৈছিল৷ পথত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ৷ ঘটনাস্থলীতে নিহত নেইলিয়া আৰু কণমানি নাওমি৷ বাইডেনৰ বৰপুত্ৰ ব’ বাইডেনো নামিছিল ৰাজনীতিত৷ কিন্তু সেনাৰ বিষয়া হিচাপেও কৰ্মৰত ব’ মগজুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০১৫ চনত ৪৬ বছৰ বয়সতে মৃত্যুমুখত পৰে৷ সৰু পুত্ৰ ৰ’বৰ্ট হাণ্টাৰ বাইডেন প্ৰতিষ্ঠিত অধিবক্তা তথা বিনিয়োগ উপদেষ্টা৷ কিন্তু সুৰা, নাৰী আৰু ড্ৰাগছ আসক্ত হিচাপে কুখ্যাতি আছে হাণ্টাৰৰ৷ নেইলিয়া আৰু নাওমিৰ অকাল মৃত্যুত দিশহাৰা হৈ ৰাজনীতিৰ পৰাও আঁতৰি যাব খুজিছিল বাইডেন৷ কিন্তু বাইডেনক পুনৰ জীৱনৰ মাজলৈ ঘূৰাই আনিলে দ্বিতীয় পত্নীয়ে ।১৯৭৭ চনত জিল ট্ৰেসি জেকবছৰ সৈতে বিয়া বাইডেনৰ ।ভাতৃৰ সহপাঠী জিল এতিয়া হ’ব মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফাষ্ট লেডী৷ জিল বাইডেন পেচাত বিশ্ববিদ্যালয়ৰ অধ্যাপিকা৷ তেওঁলোকৰ একমাত্ৰ কন্যা এছলে ব্লেজাৰ হ’ল সমাজকমী।

চিনেটৰ ,উপৰাষ্ট্ৰপতি,শেষত ৰাষ্ট্ৰপতি

১৯৭৩ চনৰ পৰা ২০০৯ চনলৈ বাইডেন আছিল ডেলোৱাৰৰ ডেমক্ৰেট চিনেটৰ৷ ২০০৯ ৰ পৰা ২০১৭ চনলৈ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আছিল বাইডেন৷ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ দুটা কাৰ্যকালৰ উপ-ৰাষ্ট্ৰপতি আছিল জ’ বাইডেন৷ আৰু অৱশেত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৪৬সংখ্যক ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হ’ল বাইডেন৷ ধৰাশায়ী হ’ল নিজকে অপৰাজয় জ্ঞান কৰা ড’নাল্ড ট্ৰাম্প৷ হোৱাইট হাউচ দখলৰ যুঁজত জয় নিশ্চিত হোৱাৰ লগে লগেই আমেৰিকাক একেডালি সুতাৰে বন্ধাৰ অংগীকাৰ বাইডেনৰ। সমৰ্থকক উদ্দেশ্যি দিয়া ভাষণত সমৰ্থকৰ উল্লাসৰ মাজত বাইডেনৰ ঘোষণা এয়া ঐক্যবদ্ধ হোৱাৰ সময়৷ আমেৰিকাৰ ক্ষত-চিহ্ন নোহোৱা কৰাৰ সময় আহিছে৷ এনেদৰেই ৭৮ বছৰীয়া জ’ বাইডেনে সবাতোকৈ বেছি বয়সত নিৰ্বাচিত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত ল’বলৈ আগবাঢ়িছে ৷ সমগ্ৰ বিশ্বৰ আশা, বিশ্বৰ সবাতোকৈ শক্তিশালী আৰু চহকী ৰাষ্ট্ৰ আমেৰিকাৰ শাসনৰ বাঘজৰী হাতত লৈ জোছেফ ৰ’বিনেট বাইডেনে বিশ্ব শান্তি আৰু সমউন্নয়নৰ বাবেও ল’ব সঠিক পদক্ষেপ৷