Local, Vocal, Global

Jharkhand Chief Minister Hemant Soren: আস্থাভোটত বিজয়ী হেমন্ত ছোৰেন

নিউজ ডেস্ক ,৯জুলাই : প্ৰত্যাশিতভাৱেই ঝাৰখণ্ড বিধানসভাত আস্থা ভোটত সহজেই জয়লাভ কৰে হেমন্ত ছোৰেণ চৰকাৰে। ভূমি কেলেংকাৰী গোচৰত কাৰাবন্দী হৈ থকা ছোৰেণে জামিনত মুক্তিৰ পিছত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল । আজি তেওঁ বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে আস্থা ভোটত অৱতীৰ্ণ হয়। আস্থা ভোটত জয়ী হোৱাটো ছোৰেণৰ বাবে প্ৰায় সহজ আছিল।(Hemant Soren wins trust vote)

কাৰণ ঝাৰখণ্ড বিধানসভাত জে এম এমৰ ২৭ গৰাকী বিধায়ক থকাৰ সমান্তৰালকৈ কংগ্ৰেছৰ ১৭ গৰাকী আৰু আৰ জে ডিৰ এগৰাকী বিধায়ক আছে। ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বত মিত্ৰজোঁটৰ মুঠ বিধায়ক ৩০ গৰাকী।

আস্থা ভোটত জয়লাভৰ বাবে ৩৮ গৰাকী বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন আছিল যদিও ছোৰেনৰ পক্ষত ৪৫ গৰাকীয়ে ভোট দিয়ে।ইপিনে আস্থা ভোট প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে বিধানসভাত বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ পাছতে সদন ত্যাগ কৰি ওলাই যায় বিৰোধীয়ে।

লগতে পঢ়কঃ Chinese LPG cylinder recovered in Jonai : জোনাইত বিৰল আকৃতিৰ গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰী উদ্ধাৰ