জেভলিন থ্র’ৱাৰ নিৰজ চোপ্রাৰ ডেৰ বছৰৰ মূৰত ট্রেকত নামি সোণৰ পদক জয়
টকিঅ’ অলিম্পিকৰ পূর্বে ফর্মলৈ উভতিছে ভাৰতৰ তাৰকা জেভলিন থ্র’ৱাৰ নিৰজ চোপ্রা৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকৰ প্রতি লক্ষ্য ৰাখি উন্নত অনুশীলনৰ বাবে পর্তুগালৰ লিছবনলৈ যোৱা যুৱ তাৰকাগৰাকীয়ে লিছবনত অনুষ্ঠিত এখন আন্তঃৰাষ্ট্রীয় এথলেটিকছ প্রতিযোগিতাত স্বর্ণপদক জয় কৰিবলৈ সক্ষম হৈছে ৷ এছিয়ান আৰু কমনৱেল্থ গেমছৰ প্রাক্তন চেম্পিয়ন নিৰজ চোপ্রাই ৮৩.১৮ মিটাৰ থ্র’ কৰি এই সাফল্য অর্জন কৰে৷ ৮০.৭১ মিটাৰ দলিয়াই আৰম্ভণি কৰা জেভলিন থ্র’ৱাৰগৰাকীয়ে ষষ্ঠ তথা অন্তিমটো থ্র’ত ৮৩.১৯ মিটাৰ দলিয়াই লিছবনৰ প্রতিযোগিতাখনত শ্রেষ্ঠত্ব অর্জন কৰে৷ ২৩ বছৰীয়া ভাৰতীয় জেভলিন থ্র’ৱাৰগৰাকীয়ে বিগত বর্ষৰ জানুৱাৰীত অন্তিমবাৰৰ বাবে আন্তঃৰাষ্ট্রীয় ইভেণ্টত অংশ লৈছিল৷