Local, Vocal, Global

কংগ্রেছ কর্মীসকলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্রতিবাদ সাব্যস্ত কৰিলে

ৰাজ্যজুৰি  নিখিল ভাৰত কংগ্রেছ কমিটী আৰু প্রদেশ কংগ্রেছ কমিটীৰ আহ্বানমর্মে ইন্ধনজাত সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি প্রতিবাদ সাব্যস্ত কৰিলে কংগ্রেছ কর্মীসকলে ৷

প্রতিখন জিলাতে কংগ্রেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ–বিধায়কৰ নেতৃত্বত পেট্র’ল পাম্পৰ সন্মুখত পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিক লৈ সৰৱ হৈ পৰেকংগ্রেছ কর্মীসকলে  ৷ গুৱাহাটীৰ নুনমাটি আৰু জু–তিনিআলি ৰোডৰ পেট্র’ল পাম্পৰ সমুখত কংগ্রেছ কর্মীসকলে হাতে হাতে প্লেকার্ড লৈ প্রতিবাদ সাব্যস্ত কৰে ৷

পেট্র’লিয়াম মন্ত্রী হায় হায়, অসম চৰকাৰ হায় হায়, ৰন্ধন গেছৰ মূল্য হ্রাস কৰক, ইন্ধন মূল্য হ্রাসৰ প্রতিশ্রুতি ক’লৈ গ’ল আদি শ্লোগান সন্নিৱিষ্ট প্লেকার্ড দাঙি প্রতিবাদকাৰীসকলে দীর্ঘসময় ধৰি পেট্র’ল পাম্পৰ সমুখত ক’ভিড প্রট’কল মানি অৱস্থান কৰে ৷