মূৰত গুলিয়াই চৰম সিদ্ধান্ত ল’লে জোৱান ৰাজ সিঙে

নিউজ ডেস্ক, ৬ মে’- সতীৰ্থৰ চাৰ্ভিছ বন্দুকেৰে মূৰত গুলিয়াই আত্মহত্যা CRPF জোৱানৰ। এই ঘটনা সংঘটিত হৈছে সৰুপথাৰ অসম- নাগালেণ্ড সীমান্তৰ চুঙাজান নাওঘাটৰ ১৫৫ নং চি আৰ পি এফ কেম্পত এই অঘটন। কেম্পৰ চৌহদত সতীৰ্থৰ বন্দুকেৰে মূৰত গুলিয়াই আত্মহত্যা জোৱানজনৰ।
বৃহস্পতিবাৰে নিশা এই ঘটনা সংঘটিত হয়। এই ঘটনাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত জোৱানজনৰ নাম ৰাজ সিং(৩০) বুলি জানিব পৰা গৈছে।
আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই ঘটনাৰ পিছতেই ঘটনাস্থলীত সীমান্ত দণ্ডাধীশ প্ৰাঞ্জিল গগৈ, চি আৰ পি এফৰ উচ্চপদস্থ বিষয়াসহ চুঙাজান আৰক্ষী উপস্থিত হয়।