মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা- ১৪ মে’ত একেলগে ২৩ হাজাৰক চাকৰি

নিউজ ডেস্ক, ৬ মে’- চাকৰিপ্ৰত্যাশী নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই ৰাজ্য চৰকাৰখনে এক লাখ পদত নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে আগবাঢ়িছে। ৰাজ্য চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰাক্ক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক বৃহৎ ঘোষণা।
অহা ১৪ মে’ত একেলগে ২৩ হাজাৰ প্ৰাৰ্থীক দিয়া হ’ব চাকৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে সদৰী কৰা অনুসৰি গৃহ, স্বাস্থ্য আৰু শিক্ষা বিভাগত এই ২৩ হাজাৰ পদৰ বিপৰীতে নিযুক্তি-পত্ৰ বিতৰণ কৰা হ’ব।
লগতে মুখ্যমন্ত্ৰীয়ে একেটা টুইটযোগে কয় যে, একলাখ পদত নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে ইতিমধ্যে আগবঢ়াৰ কথা উল্লেখ কৰি কয় যে, চৰকাৰী বিভিন্ন পদৰ নিযুক্তি প্ৰক্ৰিয়া ভিন্ন পৰ্যায়ত আছে।
উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ ক্ষমতা দখল কৰিলে একলাখ চৰকাৰী পদত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।