আকৌ বলবৎ হ’ব ‘কা’ , মন্তব্য প্ৰদান অমিত শ্বাহৰ

নিউজ ডেস্ক ,৬ মে:- ৫ মে’ত প্ৰথমবাৰলৈ পশ্চিম বংগত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকী পশ্চিম বংগত উপস্থিত হৈয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে । শিলিগুৰিত এক বিশাল জনসভা সম্বোধন কৰি শ্বাহে কয় যে কোৰোণা মহামাৰী অন্ত পৰিলেই বলবৎ কৰা হ’ব ‘কা’।
‘কা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কোৰোনা অন্ত পৰিলেই কা বলবৎ কৰি আমাৰ ভাইসকলক নাগৰিকত্ব দিম। তেওঁ কয় যে মমতা দিদি, আপুনি বিচাৰে অনুপ্ৰৱেশ অব্যাহত থাকক, বাংলাদেশৰ পৰা অহা শৰণাৰ্থী সকলে নাগৰিকত্ব নাপাওক।
উল্লেখ্য যে,লগতে অমিত শ্বাহে বংগ বা উত্তৰ বংগৰ জনসাধাৰণক ধন্যবাদ জনাই মন্তব্য কৰে যে আমি যেতিয়া যুঁজত নামিছিলো তেতিয়া বিধানসভাত আমাৰ আসনৰ সংখ্যা আছিল মাত্ৰ ৩ খন আৰু এতিয়া আমাৰ আসন ৭৭ খন।