Local, Vocal, Global

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক

নিউজ ডেস্ক, ৯ জুলাই : অসমত পুনৰ জাপানীজ এনকেফেলাইটিছৰ আতংক। যোৱা আঠ দিনত পুনৰ এজন লোকে প্ৰাণ হেৰুৱাৰ যাৰ ফলত ৰাজ্য চৰকাৰে সকলো জিলাক পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিছিল।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে (NHM) এক বিবৃতিত কয় যে ১ জুলাইৰ পৰা বৰ্ৰতমান সময়লৈকে ৰাজ্যখনত মুঠ ৭৪ টা জাপানীজ এনকেফেলাইটিছৰ ৰোগী ধৰা পৰিছে, যাৰ ভিতৰত কেৱল শুক্ৰবাৰেই ২৫ টা ঘটনা ওলাইছে।

ইয়াত কৈছে “এই ক্ষেত্ৰত, সকলো চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ক AS/JE কেছৰ বাবে সমৰ্পিত ICU বিচনাৰ ব্যৱস্থাৰ বাবে অৱগত কৰা হৈছে,”।

আঞ্চলিক চিকিৎসা মহাবিদ্যালয়ৰ সামূহিক ঔষধ বিভাগবোৰক জেই/ একিউট এনকেফেলাইটিছ চিণ্ড্ৰোম (AS) ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ টিকাকৰণ দলক সমৰ্থন কৰিবলৈ কোৱা হৈছে।

ৰাজ্যখনত বাৰ্ষিক JE ৰ ক্ষেত্ৰত সম্প্ৰতি বৰ্তমান সময়লৈকে জাপানীজ এনকেফেলাইটিছৰ ৰোগী সংখ্যা বৃদ্ধি হৈছে।

জাপানীজ এনকেফেলাইটিছ হৈছে এনে এক ৰোগ যি মহৰ দ্বাৰা সংক্ৰমিত হয়।