Local, Vocal, Global

নগাঁওত আচৰ্য্যজনক ঘটনা

নিউজ ডেস্ক, ১০ জুলাই : নগাঁও জিলাত সংঘটিত হৈছে এক কৰুণ তথা আচৰ্য্যজনক ঘটনাৰ ।

শনিবাৰে এক ৰাজহুৱা শুনানিৰ সময়ত অসমৰ নগাঁও জিলাৰ বৰ লালুং অঞ্চলত এজন লোকক জীৱিত অৱস্থাত জ্বলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

উপ আৰক্ষী অধীক্ষক M Das এ কয় যে “আমি তথ্য পাইছিলো যে ৰাজহুৱা শুনানিত এজন লোকক হত্যাৰ বাবে দোষী সাব্যস্ত হোৱাৰ পিছত জীৱিত অৱস্থাত জ্বলাই দিয়া হৈছিল আৰু পিছত তেওঁৰ মৃতদেহ সমাধিস্থ কৰা হৈছিল। বৰ্তমান মৃতদেহটো উদ্ধাৰ কৰা হৈছে। লগতে কেইজনমান লোকক আটক কৰা হৈছে,” ।

উল্লেখ্য যে, মৃতব্যক্তিজন বৰ লালুং গাঁৱৰ বাসিন্দা ৰঞ্জিত বৰদলৈ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, অঞ্চলটোত এগৰাকী মহিলাৰ হত্যাৰ অভিযোগত লোকজনক জ্বলাই দিয়া হৈছিল।

ঘটনাটোৰ পিছত, মৃতদেহটো দণ্ডাধীশৰ তত্বাৱধানত মাটিৰ পৰা খনন কৰা হৈছিল আৰু ৯০ শতাংশ পোৰা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হৈছিল ।