Local, Vocal, Global

Japanese Encephalitis : জোনাইত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহতা

নিউজ ডেস্ক,২১জুলাই : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱত অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী । বিশেষকৈ কিছুমান অঞ্চলত মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে(Japanese Encephalitis) ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাটো জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ ৷

শেহতীয়াকৈ জোনাই মহকুমাৰ বিভিন্ন অঞ্চলত যোৱা জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে ৬ গৰাকী লোক জাপানীজ এনকেফেলাইটিছ বা জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত আছে দুটি শিশু ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ধেমাজি জিলা অসামৰিক চিকিৎসালয়ৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামানে ৷

ডাঃ কিশোৰ কুমাৰ কামানে উল্লেখ কৰা অনুসৰি, জাপানীজ এনকেফেলাইটিছ বা জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰন্ত হৈ ইতিমধ্যে এগৰাকী ৪ বছৰীয়া শিশুৰ মৃত্যু হৈছে ৷ ইয়াৰ বিপৰীতে এটি শিশু বর্তমান সুস্থ্য হৈ ঘৰলৈ উভতিছে ৷

জোনাই মহকুমাৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা ব্যক্তিসকলৰ ঘৰ জোনাইৰ লক্ষী নেপালী বস্তি, জোনকাৰেং, ৩ নং চিমেন চাপৰি, বেকেলী, লাইমেকুৰী বুঢ়ীসূতী আৰু জোনাই বজাৰত । মুখ্য স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে জানিবলৈ দিয়া মতে, জোনাইৰ তেলেম জাংমজিঙত নতুনকৈ আক্ৰান্ত হৈছে আন এজন শিশু ।

ইফালে জোনাইত জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভয়াৱহতালৈ চাই ধেমাজি জিলা তথা জোনাই মহকুমা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এনে ৰোগত আক্ৰান্ত অঞ্চলসমূহত যাৱতীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইতিমধ্যে স্বাস্থ্যকৰ্মীসকলে ৪৫৭১ গৰাকী লোকৰ তেজৰ নমুনাও সংগ্ৰহ কৰি স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰিছে ৷

ইয়াৰ উপৰিও ৮৯৫৬ খন আঁঠুৱা ঔষধিকৰণৰ ব্যৱস্থা কৰিছে ৷ লগতে আশা আৰু স্বাস্থ্যকৰ্মীৰ জৰিয়তে জোনাই মহকুমাটোৰ বিভিন্ন অঞ্চলত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগ সম্পৰ্কে সজাগতা সভাও অনুষ্ঠিত কৰিছে ৷ লগতে অতিপাত জ্বৰ, মূৰৰ বিষ, মানসিক অস্থিৰতা, শৰীৰৰ কঁপনি আদি লক্ষ্যণে দেখা দিলে লগে লগে ওচৰৰ স্বাস্থ্যকৰ্মী বা স্বাস্থ্যকেন্দ্ৰত গৈ চিকিৎসা গ্ৰহণ কৰিবলৈ অনোৰোধ জনাইছে ৷

লগতে পঢ়ক : Sensational Incident : মানুহ নহয় ! মানুহৰ ৰূপত তেজপিয়া জীৱ এজন চিকিৎস