Local, Vocal, Global

Sensational Incident : মানুহ নহয় ! মানুহৰ ৰূপত তেজপিয়া জীৱ এজন চিকিৎস

বঙাইগাঁও,২১জুলাই : মানুহ নহয় । মানুহৰ ৰূপত তেজপিয়া জীৱ ! এখন চিকিৎসালয়ৰ কোঠাৰ ভিতৰত চলিছে টকাৰ লেনদেন। চিকিৎসাৰ নামত দুখীয়া মানুহৰ পৰা খমখমীয়া টকা লৈছে তেজপিয়া চিকিৎসকে । নাম কছেৰ আলী।

এই ঘটনা হৈছে বঙাইগাঁও অসামৰিক চৰকাৰী চিকিৎসালৰ। চিকিৎসালয় নহয় যেন মাছৰ বজাৰ। চিকিৎসাৰ বাবত ৰোগীৰ লগত চলে দৰ দাম । টকা নিদিলে ৰোগীয়ে নাপায় উপযুক্ত চিকিৎসা ।

বঙাইগাঁও অসামৰিক চিকিৎসালয় চলি থকা অৰাজকতাৰ পৰিবেশ(Sensational Incident) ।

ৰোগীৰ আত্মীয়ৰ অভিযোগ গাঁৱৰ মানুহৰ পৰা টকা খুজি মাগি আনি এইজন তেজপিয়া চিকিৎসক কছেৰ আলীক দিব লগা হৈছে ।

ইতিমধ্যে ভাইৰেল হৈ পৰিছে টকাৰ লেনদেন কৰা ভিডিঅ। তাৰ পাছতেই বঙাইগাঁও জিলা আয়ুক্ত ডিম্পী গগৈয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে । ৰাইজৰ অভিযোগ এনে তেজপীয়া চিকিৎসকে কেতিয়াও মানুহক চিকিৎসা কৰিব নোৱাৰে। কেৱল টকাৰ লোভত ৰোগীৰ লগত হেথালি খেলিব জানে।অতিসোনকোলে এইজন লোভীয়া চিকিসক কছেৰ আলীৰ বিৰুদ্ধে কঠোৰ শাস্তি লব লাগে।

লগতে পঢ়ক : Cyber Crime in Assam : অসমত মহাৰাষ্ট্ৰৰ চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল ;গ্ৰেপ্তাৰ ৫ চাইবাৰ অপৰাধী