Around 150 students return to Tripura from Bangladesh amid protests : বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ; ত্ৰিপুৰাত উপস্থিত ১৫০ গৰাকী ভাৰতীয় শিক্ষাৰ্থী

নেশ্যনেল ডেস্ক,২১জুলাই : আজিও উত্তপ্ত বাংলাদেশ। বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদতে লৈছে ভয়ংকৰ ৰূপ । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি অসহায় বাংলাদেশ চৰকাৰ। হিংসাত্মক পৰিস্থিতি দেশখনত মৃত্যুৰ সংখ্যা ১১৪জনলৈ বৃদ্ধি পালে।
বাংলাদেশৰ পৰিস্থিতি অধিক জটিল হোৱাৰ বাবে সমগ্ৰ দেশতে জাৰি কৰিছে ‘শ্বুট অন চাইট’ৰ আদেশ জৰিয়তে কঠোৰ সান্ধ্য আইন(Police given ‘shoot-on-sight’ orders as clashes become deadlier)। দেওবাৰে বিয়লি ৩বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন ।
বাংলাদেশত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শেহতীয়া এসপ্তাহে দেশখনত শিক্ষাৰ্থী তথা বিভিন্ন সংগঠনৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । এনে পৰিস্থিতিত তাত আৱদ্ধ বহু ভাৰতীয় শিক্ষাৰ্থীয়ে এতিয়া স্বদেশলৈ উভতি আহিছে । শনিবাৰে প্ৰায় ১৫০ গৰাকী ভাৰতীয় শিক্ষাৰ্থী ইণ্টিগ্ৰেটেড চেক পোষ্টৰ জৰিয়তে আগৰতলাত উপস্থিত হয় ।
সীমান্ত সুৰক্ষা বাহিনীৰ চেক্টৰ কামাণ্ডাৰ তথা ডিআইজি ৰাজীৱ অগ্নিহোত্ৰীয়ে কয় যে প্ৰায় ১৫০ গৰাকী শিক্ষাৰ্থীয়ে বিভিন্ন আইচিপিৰ জৰিয়তে প্ৰত্যাৱৰ্তন কৰিছে । বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে তাত অধ্যয়ন কৰি থকা ভাৰতীয় আৰু বিদেশী শিক্ষাৰ্থীসকল বিভিন্ন আইচিপিৰ (ইণ্টিগ্ৰেটেড চেক পোষ্ট) জৰিয়তে উভতি আহিছে বুলি তেওঁ উল্লেখ কৰে । বিএছএফয়ে এই ক্ষেত্ৰত সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।
পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ বিশাল কুমাৰে কোৱা মতে যোৱা ৪-৫ দিনত বাংলাদেশত চৰকাৰী নিযুক্তিত সংৰক্ষণ বিৰোধী প্ৰতিবাদ চলি আছে আৰু বিশেষকৈ ভাৰতৰ দৰে চুবুৰীয়া দেশৰ শিক্ষাৰ্থী আৰু অন্যান্য নাগৰিকসকল তাৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছে । ইয়াৰ ফলত ভাৰতৰ বহু নাগৰিক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছে । তাৰ ভিতৰত ত্ৰিপুৰাৰ বহুলোক আছে । ইয়াৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে শনিবাৰে কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বাংলাদেশত ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে(Around 150 students return to Tripura from Bangladesh amid protests) ।
শেহতীয়াকৈ আনুষ্ঠানিক বিজ্ঞপ্তিত ঢাকাত ভাৰতীয় উচ্চ আয়োগ আৰু চিটাগং, ৰাজশাহী, চিলেট আৰু খুলনাৰ সহকাৰী উচ্চ আয়োগে তাত শেহতীয়া পৰিস্থিতিৰ পিচত ভাৰতীয় নাগৰিকসকলক ঘৰলৈ উভতি অহাত সহায় কৰি আহিছে বুলি উল্লেখ কৰিছে ।
ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষিত ভ্ৰমণৰ সুবিধাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অসামৰিক বিমান পৰিবহণ, প্ৰব্ৰজন, স্থল বন্দৰ আৰু সীমান্ত সুৰক্ষা বাহিনীৰ সৈতেও সমন্বয় ৰক্ষা কৰি আছে । সূত্ৰৰ মতে বাংলাদেশত হোৱা হিংসাত্মক প্ৰতিবাদৰ পিচতে প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিছে । দেশজুৰি মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ কথাও জানিব পৰা গৈছে ।
লগতে পঢ়ক : Japanese Encephalitis : জোনাইত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহতা