WATCH | Jamugurihat Theft: নদুৱাৰৰ বৰঘাট আৰক্ষীৰ জালত গভাইত চোৰ
জামুগুৰিহাট,২৭এপ্ৰিল : নদুৱাৰৰ বৰঘাট আৰক্ষীৰ জালত গভাইত চোৰ। ই-ৰিক্সাত লৈ যোৱা ব্যৱসায়ীৰ লক্ষাধিক টকাৰ কাপোৰ লৈ উধাও ইদ্ৰিছ আলি ।
নদুৱাৰৰ পাঁচমাইল অঞ্চলৰ এজন কাপোৰৰ ব্যৱসায়ীয়ে নগাওঁ চহৰৰ পৰা লক্ষাধিক টকাৰ কাপোৰ কিনি আনিছিল তেজপুৰৰ বিভিন্ন অঞ্চলত বিক্ৰিৰ বাবে । ব্যৱসায়ীজনে আহি তেজপুৰ দোলাবাৰীত কাপোৰ খিনি এখন ই-ৰিক্সাত উঠাই লৈছিল জামুগুৰিহাটৰ চকিঘাট অঞ্চলত বিক্ৰীৰ বাবে ।
কিন্তু ই-ৰিক্সা খনৰ চালক ইদ্ৰিছ আলী য়ে চকীঘাট পোৱাৰ আগতেই সেই কাপোৰখিনি লৈ পলায়ন কৰে ৷কাপোৰৰ মালিক তথা ব্যৱসায়ীজন ই-ৰিস্কাখনৰ অপেক্ষাত বহি আছিল যদিও ঘুৰি নাহিল(Jamugurihat Theft)৷
জানিব পৰা মতে, ই-ৰিক্সা চালক ইদ্ৰিছ আলী প্ৰকৃততে এটা চোৰ হে ৷ পিছত কাপোৰৰ মালিকে চোৰক বিচাৰি হাবাথুৰি খাই উপায়হীন হৈ বৰঘাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷ নদুৱাৰৰ বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাজিৰ আলি চৰকাৰৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অভিযান চলাই নিশা চুৰি কাপোৰ সহ ই-ৰিক্সা চালক ইদ্ৰিছ আলী নামৰ চোৰটোক অৱশেষত কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷
সম্প্ৰতি আৰক্ষীয়ে কাপোৰ চোৰ ইদ্ৰিছ আলীক গ্ৰেপ্তাৰ কৰি তেজপুৰ জেল হাজোতলৈ প্ৰেৰন কৰিছে৷
লগতে পঢ়ক : WATCH | Woman goes missing : শোণিতপুৰৰ আদাবাৰী চাহ বাগিছাৰ পৰা নিৰুদ্দেশ এজন ব্যক্তি