WATCH | Jagiroad News : জাগীৰোডত ইতিহাস প্ৰসিদ্ধ গোভা দেওঁৰজা আৰু পশ্চিম নগাঁও ৰজাৰ গোসাঁই উলিওৱা মেলা
জাগীৰোড,২৭এপ্ৰিল : কেইবা শতিকাৰ পূৰ্বে কৰা যুদ্ধৰ দৃশ্যাৱলী আজিও প্ৰতীকি ৰূপত প্ৰদৰ্শন কৰা হয় জাগীৰোডৰ ইতিহাস প্ৰসিদ্ধ গোভা ৰাজ্যত ৷ গোভা দেওঁৰজা আৰু পশ্চিম নগাঁও ৰজাই নিজ সৈন্য সামন্তৰ সৈতে ঢাল-তৰোৱালেৰে অৱতীৰ্ণ হয় যুদ্ধত ৷ দেওঁৰজাৰ এই প্ৰতীকি যুদ্ধ উপভোগ কৰিবলৈ সমবেত হয় অগনন লোক ৷
গোভা দেওঁৰজাৰ বহাগ বিহুৰ লগত সংগতি ৰাখি প্ৰতি বছৰে জাগীৰোডৰ গোভাৰ ঐতিহাসিক গোভা আৰু পশ্চিম নগাঁও ৰাজ্যৰ সীমান্তৰ বৰপামত অনুষ্ঠিত হয় গোসাঁই মেলা ৷ মেলাত দেখা যায় ৰাজকীয় পৰম্পৰা ৷ দুয়ো ৰাজ্যৰ ৰজাই নিজ নিজ পাৰিষদবৰ্গৰ সৈতে তিৱা সকলৰ যাদুৱা গোসাঁইক নামঘৰৰ পৰা কান্ধত তুলি উপস্থিত হয় মেলাথলীত ৷ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি হাতত ঢাল-তৰোৱাল লৈ মেলাথলীত উপস্থিত হয় দুই ৰজাৰ পাৰিষদবৰ্গ(Jagiroad News)৷
মেলাথলীত সজাই থোৱা অস্থায়ী পঁজাঘৰত দুয়ো ৰজাই জিৰণি লয় আৰু নিজ নিজ পাৰিষদবৰ্গৰ সৈতে ৰণ নৃত্য কৰে ৷ খ্ৰাম-লোদাঙৰ চেঁৱে চেঁৱে হাতত ঢাল-তৰোৱাল লৈ ৰজাৰ এই ৰণনৃত্য চাবলৈ সমবেত হয় বহু লোক ৷
অতীতত বহিঃ শত্ৰুক পৰাস্ত কৰিবলৈ ৰণক্ষেত্ৰলৈ যোৱাৰ আগ মূহূৰ্তত গোভা দেওঁৰজা আৰু পশ্চিম নগাঁও ৰজাই এইদৰে নিজ সৈন্য সামন্তৰ সৈতে যুদ্ধৰ আখৰা কৰিছিল ৷ ইয়াৰোপৰি যুদ্ধৰ সামগ্ৰী সমূহক পূজা কৰাৰ লগতে যুদ্ধত কেনেকৈ জয়ী হৈছিল, সেই সকলো দিশ এই গোসাঁই উলিওৱা মেলাত আজিও প্ৰতীকি ৰূপত প্ৰদৰ্শন কৰে ৰাজপাৰিষদ বৰ্গই ৷
সম্প্ৰতি পূৰ্বৰ ৰাজতন্ত্ৰ নাই যদিও নিজ পৰম্পৰাক অক্ষুণ্ণ ৰখা গোভা দেওঁৰজা আৰু পশ্চিম নগাঁও ৰজাৰ এই গোসাঁই উলিওৱা মেলাই ঐতিহ্য বহন কৰি আহিছে তাহানিৰে পৰা ৷
লগতে পঢ়ক :WATCH | Jamugurihat Theft: নদুৱাৰৰ বৰঘাট আৰক্ষীৰ জালত গভাইত চোৰ