Local, Vocal, Global

WATCH | Woman goes missing : শোণিতপুৰৰ আদাবাৰী চাহ বাগিছাৰ পৰা নিৰুদ্দেশ এজন ব্যক্তি

জামুগুৰিহাট,২৭এপ্ৰিল : শোণিতপুৰৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত আদাবাৰী চাবাগিছাৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ ব্যক্তিজনৰ নাম মিল্কিউজ কিন্দু। যোৱা বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে ব্যক্তিজন।

পৰিয়ালৰ লোকে নিৰুদ্দিষ্ট মিল্কিউজ কিন্দুক বিচাৰি আছে যদিও বৰ্তমানলৈকে ব্যক্তিজনৰ কোনো সন্ধান উলিয়াব পৰা নাই। ইতিমধ্যে পৰিয়ালৰ লোকে চাৰিদুৱাৰ আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে(Woman goes missing)।

জানিব পৰা মতে ব্যক্তিজন বাগিচাখনৰ এজন বাবুৰ (কৰ্মচাৰী)ঘৰত কাম কৰিছিল আৰু উক্ত দিনাখনো কামলৈ গৈছিল ৷লোকজনে কাম শেষ কৰি উলাই আহিছিল যদিও ঘৰত উপস্থিত নহল৷ আৰু সেই দিনাৰ পৰাই সন্ধানহীন হৈ আছে মিল্কিউজ কিন্দু নামৰ ব্যক্তিজন ৷

লগতে পঢ়ক : WATCH | Road Accident : আৰক্ষীৰ বাহনৰ খুন্দাত আহত হয় চাইকেল আৰোহী