জামুগুৰিহাটৰ টুপীয়া পাঁচগাঁও একাডেমীত ৰেচিপি প্ৰতিযোগীতা

ডিজিটেল ডেস্ক:- জামুগুৰিহাটৰ টুপীয়া পাঁচগাঁও একাডেমীত অংগনবাড়ী কৰ্মীসকলক লৈ ৰেচিপি প্ৰতিযোগীতাৰ আয়োজন কৰা হয়। শোনিতপুৰ জিলাৰ নদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ ৫ আৰু ১১ নম্বৰ চাৰ্কোলৰ উদ্যোগত আজি পোষণ “পখোৱাৰা” উদযাপন কৰা হয়।
জামুগুৰিহাটৰ টুপীয়া পাঁচগাঁও একাডেমীত অনুষ্ঠিত উক্ত পোষণ “পখোৱাৰা” অনুষ্ঠানত অৰ্ধ শতাধিক অংগনবাড়ী কৰ্মীয়ে ৰেচিপি প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি বিভিন্ন পোষণ খাদ্য প্ৰদৰ্শন কৰে ৷ কণ কণ শিশুসকলৰ লগতে গৰ্ভৱতী মহিলাসকলৰ শৰীৰ সুস্থ ৰাখিবৰ বাবে সুষম আৰু পুষ্টিকৰ খাদ্য হিচাপে মিলেটচ বা শ্ৰী অন্ন কনীধানো প্ৰতিযোগিতাত প্ৰদৰ্শন কৰা হয়।
এখন অংগনবাড়ী কেন্দ্ৰত কিদৰে কণ কণ শিশুসকলৰ বাবে পোষণ খাদ্য তৈয়াৰ কৰে আৰু ছাত্ৰ-ছাত্ৰীক কি জুটিৰে খাবলৈ দিয়া হয় তাৰ ওপৰতে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত অংগনবাড়ী কৰ্মীসকলক অনুষ্ঠানত পুৰস্কৃতও কৰা হয় ৷
এই কাৰ্যসুচীত অংশগ্ৰহণ কৰে নদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া নিৰবী তালুকদাৰ, ছুপাৰভাইজাৰ মিনু দেৱী, অঞ্চলটোৰ কৃতি শিক্ষক নিতুমনি বৰা, নদুৱাৰ প্ৰেছ ক্লাৱৰ মুখ্য সম্পাদক ফণীন্দ্ৰ বৰুৱা, সমাজকৰ্মী বকুল ভূঞাকে ধৰি বিভিন্নজনে।