Local, Vocal, Global

গ্রীষ্মকালীন ফল কঁঠালৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি?

ডিজিটেল ডেস্ক:- কঁঠাল এবিধ ডাঙৰ আকৃতিৰ ফল। কঁঠাল অসমৰ গাঁও-চহৰ সকলো বাৰীত উপলব্ধ এবিধ সহজলভ্য গছ। ই এবিধ গ্রীষ্মকালীন ফল। ইয়াৰ ইংৰাজী নাম জেক ফ্ৰুইট । কঁঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল। ভাৰতবৰ্ষৰ কেৰেলা আৰু তামিলনাডু ৰাজ্যৰ ৰাজ্যিক ফল।ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যতে সৰ্বাধিক কঁঠাল উৎপন্ন হয়। অসমৰো প্ৰায় ঘৰ মানুহৰে বাৰীত এজোপা হ’লেও কঁঠালৰ গছ পোৱা যায়।

কঁঠালৰ গছ প্ৰায় ১৫-২০ ফুট মান ওখ হয়। ইয়াৰ পাতবোৰ নিমজ নহয়। ফলবোৰ সাধাৰণতে আয়তাকাৰ গোল।
ই অতি পুষ্টিকৰ আৰু ইয়াৰ কেইবাটাও স্বাস্থ্য উপকাৰিতা আছে বুলি জনা যায়। এই ৰসাল হালধীয়া ফলটো বহুতৰ বাবে প্ৰিয় আৰু ই গ্ৰীষ্মৰ মাহবোৰত ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয় এলেকাত বহুলভাৱে উপলব্ধ। ই অনন্য কিয়নো ইয়াক ফল, পাচলি, কাৰ্বোহাইড্ৰেট আৰু স্বাস্থ্যকৰ মাংসৰ বিকল্পৰ এক ভাল উৎস হিচাপে ব্যৱহাৰ কৰা হয়। ই হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ গছৰ ফল য’ত প্ৰ’টিন আৰু ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। কঁঠালক পুষ্টি তথা ঔষধি গুণৰ ভঁৰাল বুলিব পাৰি। কঁঠালত ৰোগ প্ৰতিৰোধী গুণ থাকে। কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন-চি আৰু এন্টি অক্সিডেন্ট পোৱা যায় আৰু এইবিলাক উপাদানে দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা সবল কৰি মানুহক সুস্থ-সবল কৰি ৰাখে।

কঁঠালৰ গুটিত যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায়।
কঁঠালৰ উপকাৰিতা বিষয়ে জানো আহক।
কেঁচা, পকা উভয়বিধ কঁঠালেই শক্তিদায়ক।
কঠালত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে।
কঁঠালৰ কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে।
পকা কঠালত থখা আঁহৰ আধিক্যই কৌষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু হজম শক্তি উন্নতি সাধন কৰে।

কৌষ্ঠকাঠিন্যত ভোগাসকলৰ বাবে কঁঠাল উপকাৰী ই শৌচ খোলোচা কৰে।
পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে।
নিয়মিত ভাৱে কঠাল খালে দেহৰ ছাল মসৃণ হয় আৰু ছালত সহজে বলিৰেখা নপৰে।
বিভিন্ন তথ্যৰ পৰা জনা যায় যে পুৰুষ মহিলা উভয়ৰে যৌন ক্ষমতা বৃদ্ধি কৰাতো কঠালৰ গুটি উপকাৰী।