Local, Vocal, Global

চাপৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য বন্দী CCTV কেমেৰাত

ডিজিটেল ডেস্ক:- বৃহস্পতিবাৰে চাপৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য বন্দী হ’ল CCTV কেমেৰাত। চাপৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱা সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ দৃশ্য বন্দী হৈছিল চিচি টিভি কেমেৰাত। দুৰ্ঘটনাত নিহতজন মোৱাটাৰিৰ ৰাফিনুৰ ইছলাম দেৱান বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS14C-5061। জানিব পৰা মতে বাছখন মোৱাটাৰীত এক দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিবলৈ চেষ্টা চলাইছিল। আৰু তেনে সময়ত যুৱকজনে বাছখনক ৰখাবলৈ বাছখনৰ সম্মুখত চাইকেল লৈ ভেটা দিওতেই মহটিয়াই থৈ যায় যুৱকজনক।