WATCH | Jamugurihat News : শাৰীৰিকভাৱে অক্ষম ভনীয়েকক ধৰ্ষণ কৰাৰ অভিযোগ সম্পৰ্কীয় ভাতৃৰ বিৰুদ্ধে
জামুগুৰিহাট,১৫মে’ : ৰাজ্যত পুনত ধৰ্ষণকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য ঘটনাৰ। এইবাৰ জামুগুৰিহাটত সংঘটিত হৈছে আন এক জঘন্য ঘটনাৰ।
বিগত কেইবাদিন ধৰি ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড। আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি ৰাজ্যত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে।
কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা।
জামুগুৰিহাটৰ টুপিয়াৰ বেটগুৰি গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। সম্পৰ্কীয় ভাতৃয়ে বিকলাংগ ভনীয়েকক ধৰ্ষণ কৰাৰ অভিযোগ। ঘৰত কোনো নথকাৰ সুযোগ লৈ এজন বিবাহিত যুৱকে ধৰ্ষণ কৰাৰ অভিযোগ(Jamugurihat News)৷
ঘটনাৰ বিৱৰণী অনুসৰি, জামুগুৰিহাটৰ বেটগুৰি গাঁও নিৱাসী মনুয়েল তপ্ন ( ২৫) নামৰ লম্পট যুৱক গৰাকীয়ে নিজৰেই সম্পৰ্কীয় এগৰাকী শাৰিৰিকভাৱে অক্ষম ভনীয়েকৰ সৈতে এই দুষ্কাৰ্ষ কাণ্ড সংঘটিত কৰে ৷ এই ঘটনা পিছতে পৰিয়ালৰে এগৰাকী যুৱতীয়ে প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত সেই স্থানৰ পৰা ধৰ্ষনকাৰী যুৱক মনুয়েল তপ্নই পলাই পত্ৰং দিয়ে ৷
লগে লগে এই ঘটনা সন্দৰ্ভত ধৰ্ষিতা যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে গাওঁৰক্ষী বাহিনীৰ জৰিয়তে জামুগুৰি আৰক্ষীক অৱগত কৰে ৷ জামুগুৰি আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সহযোগত পলাতক অৱস্থাত থকা ধৰ্ষণকাৰী মনুয়েল তপ্নক আটক কৰি জেৰা অব্যাহত ৰাখে৷
পিচত ঘটনা সন্দৰ্ভত ভূক্তভোগী পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত জামুগুৰি আৰক্ষীয়ে ধৰ্ষণকাৰী মনুৱেল তপ্নক গ্ৰেপ্তাৰ কৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ অধিনত গোচৰ পঞ্জীয়ন কৰি তেজপুৰ জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ স্থানীয় ৰাইজে অসহায়, দুৰ্ভগীয়া ,বিকলাংগ যুৱতী গৰাকীৰ সৈতে ধৰ্ষণৰ দৰে জঘন্য কাৰ্য্যত লিপ্ত হোৱা লম্পট মনুয়েল তপ্নৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহনৰ দাৱী উত্থাপন কৰে৷
লগতে পঢ়ক : WATCH | Human trafficking : তিনিচুকীয়া জিলাত অব্যাহত আছে মানৱ সৰবৰাহৰ ঘটনা