WATCH | Human trafficking : তিনিচুকীয়া জিলাত অব্যাহত আছে মানৱ সৰবৰাহৰ ঘটনা
ডুমডুমা, ১৪মাৰ্চ : পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনাৰ তথ্য(Human trafficking) । পুনৰ অসমৰ যুৱতীৰ বহিঃৰাজ্যলৈ সৰবৰাহ । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে মানৱ সৰবৰাহৰ ঘটনা (Human trafficking cases rises in Assam) । যেন ক্ৰমাৎ মানৱ সৰবৰাহৰ ‘হাব’লৈ পৰিণত হৈছে অসম ।
দাৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি, কর্মসংস্থাপনৰ প্ৰলোভন দি অথবা অপহৰণ কৰি ৰাজ্যখনৰ পৰা নিয়া কিশোৰ, কিশোৰী আৰু যুৱতীসকলক একাংশ লোকে বহিঃৰাজ্যত বিক্ৰী কৰি দিয়া বা অসৎ কার্যত লিপ্ত হ’বলৈ বাধ্য কৰোৱা ঘটনা দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে (Assam become hub of human trafficking) । বিগত সময়ত দেশৰ বিভিন্ন প্রান্তত অসম আৰক্ষীয়ে বহুকেইগৰাকী কিশোৰী আৰু যুৱতীক উদ্ধাৰ কৰা ঘটনাই মানৱ সৰবৰাহৰ প্ৰকৃত ছবিখন প্ৰতিফলিত কৰিছে ।
পুনৰ মানৱ সৰবৰাহৰ ভয়ংকৰ জালৰ পৰিল অসমৰ কিশোৰী ৷ আজিৰ পৰা প্ৰায় এক বছৰ পূৰ্বে এগৰাকী যুৱতীৰ পৰিয়ালৰ হাতত টকা দি লৈ যোৱা হৈছিল অৰুণাচল প্ৰদেশলৈ । যুৱতী গৰাকীক কামৰ প্ৰলোভন দিছিল ফিলবাৰীৰ অমিৰ লিম্বু নামৰ যুৱকজনে৷
তিনিচুকীয়াত মানৱ সৰবৰাহৰ দালালৰূপে পৰিচিত এইজন অমিৰ লিম্বু।চাহ বাগিচাৰ যুৱতীক ঠগ প্ৰৱঞ্চানাৰে ঘৰৰ পৰা লৈ যায় ব্যক্তি জনে।
তালাপ আৰক্ষী চকীৰ অন্তৰ্গত ডাঙৰী চাহ বাগিচাৰ বজাল গাওঁৰ মুকেশ মালাহাৰৰ ১২ বছৰীয়া কন্যাক পৰেশ তেলি আৰু অজিত কালিন্দী নামৰ দুজন ব্যক্তিয়ে মিলি ফিলবাৰীৰ অমিৰ লিম্বু নামৰ মানৱ সৰবৰাহৰ দালালক ৪৮ হাজাৰ টকাত অৰুণাচলৰ ইটানগৰ লৈ বিক্ৰী কৰি দিয়ে।
পৰিয়ালৰ লোকে তালাপ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ ৷ এজাহাৰৰ ভিত্তিত তালাপ আৰক্ষীয়ে অৰুণাচলৰ ইটানগৰৰ পৰা উদ্ধাৰ কৰে ছোৱালীজনীক।
টকাৰ প্ৰলোভন দি এনেদৰে এটা চক্ৰই আজিও তিনিচুকীয়াৰ ডুমডুমা, তালাপ, ধলা, অঞ্চলৰ পৰা অব্যাহত ৰাখিছে মানৱ সৰবৰাহ কাৰ্য।
তিনিচুকীয়া জিলাৰ বিভিন্ন চাহ বাগিচা, গাঁৱৰ মানুহক দৰিদ্ৰতাৰ সুযোগ বুজি মানৱ সৰবৰাহৰীয়ে এটা চক্ৰই দীৰ্ঘদিনৰ পৰা এনে কাৰ্য চলাই গৈছে ।
এনে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে এক কঠোৰ শাস্তিয় দাবী জনাইছে চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ নেতৃত্বই ।
লগতে পঢ়ক : WATCH | CBSE Exam Results : নলবাৰীৰ ছাত্ৰীৰ সাফল্যত আনন্দৰ বন্যা বলোৱা ভৰালী চুবুৰীত