Jamugurihat News: জামুগুৰিহাটত নিশা দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিলে অভিনেত্ৰী গায়ত্ৰী মহন্তই
জামুগুৰিহাট,৫ডিচেম্বৰ : শতবৰ্ষ গৰকা জামুগুৰিহাটৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচী কালি নিশা ভাওনা প্ৰদৰ্শনৰে সামৰণি পৰে৷ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিলে অভিনেত্ৰী গায়ত্ৰী মহন্তই(Jamugurihat News)৷
ভাওনাত জনপ্ৰিয় মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্তৰ অভিনয় চাবলৈ নিশা হাজাৰ হাজাৰ দৰ্শকৰ ভীৰ পৰিলক্ষিত হ’ল৷”দ্ৰৌপদীৰ বস্ত্ৰহৰণ আৰু কুৰুক্ষেত্ৰ ৰণ” নাটৰ ভাওনাত অভিনেত্ৰী গায়ত্ৰী মহন্তই অভিনয় কৰিছিল দ্ৰৌপদীৰ চৰিত্ৰত৷
সুন্দৰ সাৱলীল অভিনয়ৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হ’ল গায়ত্ৰী৷ ভাওনাভাগত গায়ত্ৰীৰ অভিনয় সংলাপ আৰু নৃত্যই মোহাচ্ছন্ন কৰি ৰাখিলে দৰ্শকক৷ কেৱল গায়ত্ৰীয়েই নহয়,বিদ্যালয়খনত অধ্যয়নৰত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশিত ভাওনা ভাগে একপ্ৰকাৰ দৰ্শক ৰাইজৰ হৃদয় জিনিবলৈ সক্ষম হয়৷
লগতে পঢ়ক :OYO Bans Unmarried Couples:আপুনিও প্ৰেমিক বা প্ৰেমিকাৰ সৈতে OYO ত যোৱাৰ কথা ভাবিছে নেকি?