Local, Vocal, Global

Missing journalist’s body found in septic tank :দুৰ্নীতি পৰায়ন ঠিকাদাৰে হত্যা কৰিলে সাংবাদিকক

নেশ্যনেল ডেস্ক,৫ডিচেম্বৰ : দেশ জোকাৰি যোৱা এটা হত্যাকাণ্ড।দুৰ্নীতি পৰায়ন ঠিকাদাৰে হত্যা কৰিলে সাংবাদিকক।

দেশৰ এগৰাকী দক্ষ সাংবাদিকক হত্যা কৰি পুতি থলে পানীৰ টেংকীত। সুৰেশ চন্দ্ৰকাৰ নামৰ এইজন ঠিকাদাৰক হত্যা কৰি পুতি থলে পানীৰ টেংকীত।যি ঘটনাই দেশৰ সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক মহলত খলখনিৰ সৃষ্ঠি কৰিছে। চৰকাৰী কামত ঠিকাদাৰৰ অনিয়মক লৈ বাতৰি কৰাৰ বাবেই সাংবাদিক সুৰেশ চন্দ্ৰকাৰক হত্যা কৰি পুতি থলে পানীৰ টেংকীত(Missing journalist’s body found in septic tank)।

১ জানুৱাৰীৰ পৰা সুৰেশ চন্দ্ৰকাৰ নামৰ এইজন সাংবাদিক নিৰুদ্দেশ হৈ আছিল। নিৰুদ্দেশ হোৱাৰ দিনৰ পৰাই ছুইটচ অফ হৈ আছিল সুৰেশ চন্দ্ৰকাৰৰ মবাইল ফোন ।পৰিয়ালৰ লোকে বিচাৰ খোজাৰ কৰি কোনো ধৰণৰ শুংসুত্ৰ নোপোৱাত কাষ চাপিল আৰক্ষীৰ। আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত । আৰক্ষীয়ে সুৰেশ চন্দ্ৰকাৰ ফোন ট্ৰেচ কৰি চাওতে শেষ স্থান গৈ দেখিলে পানীৰ টেংকীত নতুন কৈ ঢালাই কৰি থৈ দিয়া হৈছে। ঢালাই ভাঙি দেখিলে পানীৰ টেংকীত সুৰেশ চন্দ্ৰকাৰৰ মৃতদেহ(Missing journalist’s body found in septic tank in Chhattisgarh)।

চতুৰ্থ স্তম্ভ বুলি কোৱা সাংবাদিকৰ আজি এই অৱস্থা।দুৰ্নীতি দেখিও চকু মুদি থাকিব লাগিব দেশৰ সাংবাদিক। নহলে সাংবাদিকক হত্যা কৰা হব। এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ক বিজাপুৰৰ। ইতিমধ্যে ছত্তীশগড় মুখ্যমন্ত্ৰীয়ে টুইট কৰি কয় যে ঘটনাৰ লগত জড়িত কোনো এজন অপৰাধী সাৰী যাব নোৱাৰিব।

লগতে পঢ়ক :Jamugurihat News: জামুগুৰিহাটত নিশা দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিলে অভিনেত্ৰী গায়ত্ৰী মহন্তই