OYO Bans Unmarried Couples:আপুনিও প্ৰেমিক বা প্ৰেমিকাৰ সৈতে OYO ত যোৱাৰ কথা ভাবিছে নেকি?
নিউজ ডেস্ক,৫ডিচেম্বৰ : আপুনিও যায় নেকি OYO হোটেললৈ। যদি আপুনিও আপোনাৰ প্ৰেমিকাক লৈ OYO হোটেললৈ যায় তেন্তে আপোনাৰ বাবে বেয়া খবৰ।
আপুনি আপোনাৰ সংগীৰ লগত OYO হোটেললৈ যোৱাৰ আগত এশবাৰ ভাবিব। নহ’লে আপুনিও পৰিব পাৰে বিপদত।কাৰণ OYO হোটেলৰ কিছুমান নিয়ম সলনি কৰিছে।
OYOক লৈ আহিছে ডাঙৰ নিৰ্দেশনা।সলনি হৈছে OYOৰ চেক ইনৰ নিয়ম। নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা অবিবাহিত দম্পতীয়ে একেলগে থাকিব নোৱাৰিব OYOত।
উত্তৰ প্ৰদেশৰ মীৰাটৰ পৰা ৰূপায়ণ আৰম্ভ হ’ব OYOৰ এই নতুন নীতিৰ। OYO কৰ্তৃপক্ষই সহযোগী হোটেলসমূহক এই নতুন নীতি অতিশীঘ্ৰে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে(OYO Bans Unmarried Couples)।
OYO হোটেলত উত্তৰ প্ৰদেশৰ মীৰুটত নতুন নীতি অনুসৰি – নতুন নীতিৰ অধীনত সকলো দম্পতীয়ে চেক-ইনৰ সময়ত নিজৰ সম্পৰ্কৰ বৈধ প্ৰমাণ দাখিল কৰিব লাগিব, আনকি অনলাইন বুকিঙৰ বাবেও সকলো বৈধ প্ৰমাণ দাখিল কৰিব লাগিব। পৰৱৰ্তী সময়ত দেশৰ অন্য চহৰলৈও OYOএ এই সংশোধনী নিয়ম ৰূপায়ণ কৰিব বুলিও জানিবলৈ দিছে।
OYOৰ উত্তৰ ভাৰতৰ ৰিজ’ন হেডে এই সন্দৰ্ভত কয় যে “OYO নিৰাপদ আৰু দায়িত্বশীল আতিথ্য পদ্ধতি বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমি ব্যক্তি স্বাধীনতা আৰু ব্যক্তিগত স্বাধীনতাক সন্মান কৰোঁ যদিও আমি কাম কৰা ক্ষুদ্ৰ বজাৰসমূহত আইন প্ৰয়োগকাৰী আৰু নাগৰিক সমাজৰ কথা শুনা আৰু কাম কৰাৰ দায়িত্বও স্বীকাৰ কৰো।’’
এই সংশোধিত নীতিটো OYOৰ প্ৰতি থকা একাংশৰ ধাৰণা সলনি কৰিব। এই নিয়মে পৰিয়াল, ছাত্ৰ-ছাত্ৰী, ব্যৱসায়িক, ধৰ্মীয় আৰু একক ভ্ৰমণকাৰীৰ বাবে নিৰাপদ অভিজ্ঞতা প্ৰদান কৰা ব্ৰেণ্ড হিচাপে OYOক প্ৰতিষ্ঠিত কৰিব বুলি আশাবাদী কোম্পানীটো।
লগতে পঢ়ক :Dead Body Found in Sivasagar:তেল ভৰ্তি ড্ৰামৰ ভিতৰত উদ্ধাৰ যুৱক মৃতদেহ