Local, Vocal, Global

ৰভাতলীৰ পৰাই দৰা কইনাৰ পলায়ন

0 8

জামুগুৰিহাটত নিশা ১১বজাত বিবাহস্থলীত আৰক্ষী।

দৰা কইনাৰ পলায়ন। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক বিবাহ কৰাবলৈ আহি আটক হল আঠজন ।

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ লালেটাপুত এগৰাকী নাবালিকা তথা  ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক বিবাহ কৰাবলৈ আহি মংগলবাৰে নিশা প্ৰায় ১১মান বজাত  আৰক্ষীৰ হাতত আঠ জনকৈ ব্যক্তি আটক হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে ।

অঞ্চলটোৰ দীঘলীচাপৰিৰ হাফিজুল ৰহমান নামৰ ৩৬ বছৰীয়া যুৱকজনে লালেটাপুৰ মইজুদ্দিন আলিৰ নাবালিকা কন্যা তথা চবিলাল এম,ই স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী মজ্জিদা খাতুনক বিবাহ কৰাই   থকা অৱস্থাতে নিশা ১১বজাত বিবাহস্থলীত বিশেষ সূত্ৰৰ পমখেদি জামুগুৰি আৰক্ষী উপস্থিত হয়।আৰক্ষীৰ উপস্থিতিৰ উমান পাই দৰা কইনা পলায়ন কৰে যদিও আৰক্ষীয়ে বিবাহ কাৰ্যত সহযোগ কৰা সাতজনকৈ ব্যক্তিক আটক কৰি জামুগুৰি আৰক্ষী থানালৈ লৈ আহে।

নদুৱাৰ ৰাজহ চক্ৰৰ অতিৰিক্ত ৰাজহ চক্ৰ বিষয়া মন্টুছ চক্ৰৱৰ্তীৰ নেতৃত্বত জামুগুৰি আৰক্ষীয়ে বাল্যবিবাহৰ বিৰুদ্ধে মংগলবাৰে নিশা চলোৱা অভিযানক একাংশ স্থানীয় ৰাইজেও সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে শীঘ্ৰেই বাল্য বিবাহ খনৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহযোগ কৰা সকলক আৰক্ষীয়ে তদন্তৰ জৰিয়তে বিচাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ সক্ষম হয় বুলিও ব্যক্ত কৰিছে স্থানীয় ৰাইজে।

Leave A Reply

Your email address will not be published.