Jammu and Kashmir assembly election:আজি জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক,২৫ছেপ্তেম্বৰ : আজি জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ(Jammu and Kashmir assembly election) ।
পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । আজি ভাগ্য নিৰ্ণয় হ’ব ২৬ টা সমষ্টিৰ ২৩৯ গৰাকীৰ প্ৰাৰ্থীৰ । ২৫.৭৮ লাখ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ(Phase 2 polling in 26 seats begins)।
কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ ৬খন জিলাত আৰম্ভ হৈছে ভোটগ্ৰহণ । জম্মুৰ ৰিয়াচী,ৰাজৌৰী,পুঞ্চ আৰু মধ্য কাশ্মীৰৰ শ্ৰীনগৰত ভোটগ্ৰহণ আৰম্ভ হৈছে ।
ভোটগ্ৰহণ আৰম্ভ হৈছে বুডগাম আৰু গাণ্ডাৰবল জিলাতো ।প্ৰায় ১০ বছৰৰ মূৰত ৰাজ্যখনত অনুষ্ঠিত হৈছে নিৰ্বাচন ।১অক্টোবৰত অনুষ্ঠিত হ’ব অন্তিম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ।
৮অক্টোবৰত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।