Local, Vocal, Global

Watch | Jagiroad protest:পৱিত্ৰ ঈদৰ দিনাই আমছু’ৰ লগতে ইছলামধৰ্মীয় লোক সকলৰ ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ

জাগীৰোড: পৱিত্ৰ ঈদৰ দিনাই ৰাজ্যৰ প্ৰান্তেপ্ৰান্তে প্ৰতিবাদ ধৰ্মীয় সংখ্যালঘু লোকৰ ৷ ঈদৰ নামাজ আদায়ৰ পিছতে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ ৷ হাতেহাতে প্লেকাৰ্ড লৈ প্ৰতিবাদত নামিল ধৰ্মীয় সংখ্যালঘু সকল ৷ সমগ্ৰ ৰাজ্যৰ লগতে জাগীৰোডৰ কাকৰজলাহ ঈদগাহ ময়দানতো দেখা গ’ল এই পৰিৱেশ ৷

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নিৰ্দেশমৰ্মে ঈদৰ নামাজৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰে ইছলামধৰ্মী লোক সকলে ৷ বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি বন্ধ কৰি ১৯৭১ ৰ পিছত অহা সকলো বাংলাদেশীক বিতাড়নৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

কিন্তু বিদেশীৰ নামত ভাৰতীয় নাগৰিকক অযথা হাৰাশাস্তি কৰিলে আগন্তুক দিনত আমছুৰ নেতৃত্বত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আমছু নেতৃত্বই ৷