Local, Vocal, Global

আই.টি.বি.পি.ৰ পথ নির্মাণ সীমান্তত

ভাৰত–চীন সীমান্তত পথ যোগাযোগ ব্যৱস্থা সুচল কৰি তোলাৰ উদ্দেশ্যে নতুন দিল্লী প্রশাসনে নির্মাণৰ দায়িত্ব প্রদান কৰিছে ইণ্ডো–টিবেটান ব’ৰ্ডাৰ পুলিচ (আইটিবিপি)ক ৷ প্রথমবাৰৰ বাবে আই টি বি পিয়ে ইয়াৰ বিশেষজ্ঞ অভিযন্তাৰ গোটক নির্মাণ কার্যত নিয়োজিত কৰিছে ৷ কেইটামান নির্দিষ্ট পথ আৰু ট্রেকৰ নির্মাণৰ কাম ইতিমধ্যে আই.টি.বি.পিয়ে আৰম্ভ কৰিছে ৷ প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ৰ ওচৰত এই পথ আৰু ট্রেকবোৰ আছে লাডাখ তথা অৰুণাচল প্রদেশত ৷

পথ যোগাযোগ প্রকল্পৰ নির্মাণকার্যত আই টি বি পি জড়িত হৈ পৰাৰ লগে লগে এল এ চিত ভাৰতীয় সেনাৰ যাতায়াতৰ ক্ষেত্রত যথেষ্ট সুবিধা হ’ব বুলি চৰকাৰে আশা প্রকাশ কৰিছে ৷ উল্লেখনীয় যে পূব লাডাখত চীনা সেনাৰ সৈতে ভাৰতীয় সেনাৰ উত্তেজনাৰ পিছত নতুন দিল্লী প্রশাসনে পথ যোগাযোগৰ কাম ক্ষিপ্রতৰ কৰি তোলাৰ ব্যৱস্থা গ্রহণ কৰিছে ৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে আই.টি.বি.পিক এই নির্মাণকার্যৰ দায়িত্ব প্রদান কৰাৰ পিছত এল এ চিৰ সমীপত কেইবাটাও পথ শীঘ্রে সম্পূর্ণ হৈ উঠিব বুলি আশা প্রকাশ কৰা হৈছে ৷ উল্লেখনীয় যে মুঠ ৩২টা পথৰ চাৰিটা আই টি বি পিয়ে নির্মাণ কৰিব সীমান্তত৷ ইয়াৰ উপৰি ১৮টা ট্রেক নির্মাণৰো দায়িত্ব লাভ কৰিছে আই.টি.বি.পিয়ে ৷