Local, Vocal, Global

সোণ অথবা ৰূপৰ চেইন নহয়, টেলিফোনৰ Wire ১,৪৫,১৮৯ টকাত বিক্ৰী

ইটালিয়ান বিলাসী ফেশ্বন হাউচ Bottega Veneta এটা আচহুৱা কাৰণত ভাইৰেল হৈ পৰিছে। কোম্পানীটোৱে  নেকলেচৰ নামত বিক্ৰী কৰিছে টেলিফোনৰ কৰ্ড। সেয়া আমি প্ৰতিদিনে ব্যৱহাৰ কৰা ইউএছবি কেবল নহয়। বৰঞ্চ, নেকলেচডাল লেণ্ডলাইন টেলিফোন কৰ্ড সদৃশ। আৰু সেই কৰ্ডডালৰ মূল্য ২,২৪০ আমেৰিকান ডলাৰ, অৰ্থাত ভাৰতীয় মূল্য়ত ১,৪৫,১৮৯ টকা।

আজি জনপ্ৰিয় ইনষ্টাগ্ৰাম পেজ ডায়েট প্ৰদাই Bottega Veneta ৰ ফেশ্বন সংগ্ৰহত এখন ছবি প্ৰকাশ কৰিছিল। তাত ২,২৪০ আমেৰিকান ডলাৰৰ টেলিফোন কৰ্ড সদৃশ নেকলেছ আৰু খন ফ’টো প্ৰকাশ কৰিছিল। তাৰ পাছতে চৰ্চালৈ আহে এই কাম্পেনীটো ।