Local, Vocal, Global

ৰাজ্যজুৰি অসম আৰক্ষীৰ সপ্তাহযোৰা কাৰ্যসূচীৰে ‘শ্বহীদ দিৱস’ উদযাপন

২৮ অক্টোৱৰৰ পৰা ২ নৱেম্বৰলৈ কেন্দ্ৰীয় সৰ্তকতা আয়োগৰ জৰিয়তে উদযাপন হোৱা সৰ্তকতা সজাগতা সপ্তাহ বুধবাৰে সন্ধিয়া চহৰৰ মায়াপুৰী তিনিআলিত অনুষ্ঠিত কৰে বঙাইগাঁও আৰক্ষী প্ৰশাসনে। ‘সতৰ্কতা সজাগতা সপ্তাহ’ত বন্তি ‌প্ৰজ্জলনেৰে বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি

অসম আৰক্ষীৰ বীৰ শ্বহীদসকলৰ  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে  জিলা উপায়ুক্ত ড০ এম এছ লক্ষ্মীপ্ৰিয়া, আৰক্ষী অধীক্ষক সুবোধ সোণোৱালৰ লগতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি। ৮ গৰাকী বীৰ শ্বহীদৰ পৰিয়ালবৰ্গক আমন্ত্ৰণ জনায় বঙাইগাঁও আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। বীৰ শ্বহীদক স্মৰণ কৰি বন্তি প্ৰজ্বলনৰ পিছতে আৰক্ষীৰ বেণ্ডপাৰ্টিৰ অভিবাদনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।‌

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে আৰক্ষী অধীক্ষকগৰাকীয়ে শ্বহীদ পৰিয়ালবৰ্গৰ লগতে আৰক্ষী আৰু উপস্থিত ৰাইজক দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ শপত গ্ৰহণ কৰোৱায়।