Local, Vocal, Global

কুখ্যাত সন্ত্ৰাসবাদী সংগঠন ISIS এ ঘাটি পাতিছে ভাৰতত

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য ৷ বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন ISIS এ ভাৰতৰ কেৰেলা-কর্ণাটকত পাতিছে শক্তিশালী ঘাটি ৷ ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদনে সকীয়নি দিছে ISIS ৰ বৰ্ধিত সদস্যই ভাবুকি আনিব কেৰেলা আৰু কৰ্ণাটকলৈ ৷ কৰ’না মহামাৰী বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ৰাষ্ট্ৰসংঘত প্ৰকাশিত এই প্ৰতিবেদনৰ সকীয়নিয়ে উদ্বেগীত কৰিছে ৰাইজক ৷ ইতিমধ্যে কেৰেলা আৰু কর্ণাটকত ISIS ৰ সৈতে জড়িত কেইবাজনো লোকক NIA আটক কৰিবলৈ সক্ষম হৈছে ৷ আৰু এতিয়া ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদনে কেৰেলা আৰু কর্ণাটকত ISIS ৰ স্থিতি প্ৰমাণ কৰিলে ৷