Local, Vocal, Global

আগষ্টত খুলিব চিনেমা হল

কৰ’না সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত বন্ধ ৰখা হৈছিল জিম, চুইিমংপুল আৰু চিনেমা হল ৷ প্ৰতিদিনে দেশত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় ৫০ হাজাৰতকৈয়ো অধিক ৷ এই পৰ্যন্ত দেশত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যাই ১৩ লাখ অতিক্ৰম কৰিছে ৷ চিকিৎসক-বিশেষজ্ঞসকলে সামাজিক দূৰত্ব মহৌষধ বুলি অভিহিত কৰে ৷ কেন্দ্ৰীয় চৰকাৰে শিক্ষানুষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও চিনেমা হল খুলি দিয়াৰ কথা প্ৰকাশ কৰে ৷ আগষ্ট মাহৰ পৰা খুলি দিয়া হব চিনেমা হল আৰু ইতিপূৰ্বে গৃহমন্ত্ৰণালয়ক এই সন্দৰ্ভত দিয়া হৈছে নিৰ্দেশ ৷ অৱশ্য়ে জিম আৰু চুইমিংপুলৰ ক্ষেত্ৰত মত পোষণ কৰা নাই কেন্দ্ৰই ৷