অসম বিজেপিত সকলো ঠিকেই আছে নে? ভৱেশ কলিতা হাটাও অভিযান চলিছে নেকি…
নিউজ ডেস্ক : শাসকীয় বিজেপি (BJP) দলৰ ভিতৰচৰাত চলিছে কি? প্ৰকৃততে দলটোৰ ভিতৰচৰাত সকলো ঠিকেই আছে নে? বিগত ২৪ ঘণ্টাৰ পৰিবেশ প্ৰত্যক্ষ কৰিয়েই বহু ৰাজনৈতিকভাৱে সচেতন লোকে এই অভিযোগ উত্থাপন কৰিছে৷ কিয়নো অসম বিজেপিৰ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ দুটা ফৈদৰ কথা এতিয়া লুকাই থকা নাই৷ সৰ্বানন্দ সোণোৱালৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত জলজল পটপট হৈ পৰিছ দুটা ফৈদৰ কথা৷
কিন্তু এইবাৰ শাসকীয় দলটোৰ প্ৰতিচ্ছবি কিছু সুকীয়া৷ ভৱেশ কলিতাৰ বিৰুদ্ধে ব্যাপক ষড়যন্ত্ৰ কৰাৰ চৰ্চা হৈছে৷ জয়া কলিতা নামৰ যুৱতীগৰাকীয়ে ভৱেশ কলিতাৰ বিৰুদ্ধে আনিছিল চাকৰিৰ নামত ধন বিচৰাৰ অভিযোগ৷ ফোনযোগে জলসিঞ্চনৰ চাকৰি দিয়াৰ নামত ধন বিচৰাৰ অভিযোগ উত্থাপনৰ পাছতে জয়া কলিতাৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত কলিতাই এজাহাৰ দাখিল কৰিছিল৷ কিন্তু আজিলৈ এবাৰৰ বাবেও জয়া কলিতাক সোধ-পোছ কৰিবৰ বাবেও মাতিবলৈ সাহস কৰা নাই ৰঙিয়া আৰক্ষীয়ে৷ যাৰ ফলত বহু কথাই চৰ্চা হ’ব ধৰিছে৷ প্ৰকৃততে জয়া কলিতাৰ আঁৰত বিজেপিৰে কোনো লোক জড়িত থাকি এই খেলখন খেলি গৈছে নেকি?
বুঃ বাঃ চলিছে যে বিজেপিৰ একাংশ লোকে ভৱেশ কলিতাক সভাপতি পদৰ পৰা আঁতৰোৱাৰ ষড়যন্ত্ৰ কৰিছে৷ প্ৰকৃততে সৰ্বানন্দ সোণোৱালৰ মানুহ বুলি জনাজাত ভৱেশ কলিতাই শেহতীয়াকৈ সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপি বিপদ মাতি আনিছে নেকি বুলি চৰ্চা চলিছে৷ বিজেপিৰ শীৰ্ষ নীতি নিৰ্ধাৰণ সমিতিত দুটাকৈ সন্মানজনক স্থান লাভ কৰা সোণোৱালৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত ভৱেশ কলিতাই গুৰুত্ব নিদিয়া বুলিও সংবাদমাধ্যমত প্ৰকাশ পাইছিল৷
জয়াৰ জড়িয়তে ভৱেশ কলিতাক বদনাম কৰাৰ নিজৰ দলৰে ভিতৰৰ পৰাই ষড়যন্ত্ৰ হ’ব পাৰে বুলি চৰ্চা চলিছে৷ শাসকীয় দলৰ সভাপতিয়ে দিয়া এজাহাৰৰ ভিত্তিত গোচৰ পঞ্জীয়ন নোহোৱাৰ বিষয়টোৱে ভৱেশ কলিতাক লৈ ষড়যন্ত্ৰ ৰচনা কৰাৰ অনুমান কৰিছে ৰাজনীতিৰ খবৰ ৰখা মহলে৷ ভৱেশ কলিতাক সভাপতি পদৰ পৰা আঁতৰোৱাৰ বাবে বিজেপিৰে এটা শিবিৰ ব্যস্ত হৈ পৰিছে নেকি? তাকে লৈ চলিছে চৰ্চা৷