Local, Vocal, Global

IPL 2023 Playoffs Scenarios:আই পি এলৰ প্লে অফৰ দৌৰত কোন কেইটা দল

নিউজ ডেস্ক: মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয়ৰ পাছতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)২০২৩ৰ প্লে অফৰ সুযোগ অতুত ৰাখিছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে(Lucknow Super Giants)। ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছে(Gujarat Titans)প্লে অফত নিজৰ স্থান নিশ্চিত কৰা পাছতে বাকী তিনিটা স্থানৰ বাবে এতিয়াও আন ৭ টা দলে যুঁজি আছে(ipl 2023 playoffs scenarios)।

প্লে অফত নিজৰ স্থান নিশ্চিত কৰিবৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে মাত্ৰ এটা হে সুযোগ লাভ কৰিব । অৰ্থাৎ IPLৰ অন্তিমখন লীগ খেলত জললাভ কৰিলেহে প্লে অফত স্থান নিশ্চিত কৰিব পাৰিব লক্ষ্ণৌ ছুপাৰ জায়েন্টছে । অন্তিমখন খেলত জয় লাভ কৰিলে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ সৰ্বমুঠ পইণ্ট হ’ব ১৭ ।

কিন্তু অন্তিমখন খেলত যদি লক্ষ্ণৌ ছুপাৰ জায়েন্টছ পৰাস্ত হয় তেন্তে তেওঁলোকে প্লে অফৰ সুযোগ হেৰুৱাব বা প্লে অফত স্থান নিশ্চিত কৰিবৰ বাবে অধিক জটিল হ’ব । কিয়নো এতিয়াও আন পাঁচটা দল ক্ৰমে-গুজৰাট টাইটানছ, চেন্নাই ছুপাৰ কিংছ, মুম্বাই ইণ্ডিয়ানছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু পঞ্জাৱ কিংছে প্লে অফৰ সুযোগ অতুত ৰাখিছে ।

মুম্বাই ইণ্ডিয়ানছে (Mumbai Indians)১৪ পইণ্টেৰে প্লে অফত নিজৰ স্থান নিশ্চিত কৰিবৰ বাবে চূড়ান্ত খেলখনত জয়ী হোৱাৰ প্ৰয়োজন। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, চেন্নাই ছুপাৰ কিংছ, পঞ্জাৱ কিংছ, আৰু এল এছ জিয়েও ১৬ পইণ্ট বা তাতকৈ অধিক পইণ্ট লাভ কৰিব পাৰে। এনে ক্ষেত্ৰত Net Run Rate প্ৰসংগ আহি পৰিব ।

যদিহে মুম্বাইয়ে শেষৰখন খেলত পৰাস্ত হয়, তেন্তে প্লে অফৰ বাবে অধিক জটিল হ’ব । কিয়নো সম্ভাৱনাময় আন পাঁচটা দলে ১৪ পইণ্টেৰে প্লে অফৰ স্থান নিশ্চিত কৰিব বাবে যুঁজিব পাৰে ।

চেন্নাই ছুপাৰ কিংছয়ে(Chennai Super Kings)১৫ পইণ্ট লাভ কৰি পৰৱৰ্তী খেলত জয়লাভ কৰি প্লে অফৰ যোগ্যতা অৰ্জন কৰিব, যিখন খেল হ’ব দিল্লী কেপিটেলছৰ বিৰুদ্ধে। কিন্তু পৰাজয়ে তেওঁলোকৰ প্লে অফৰ সুযোগ অধিক জটিল কৰি তুলিব । দিল্লী কেপিটেলছৰ বিৰুদ্ধে জয়লাভ কৰিলে আনকি চিএছকে শীৰ্ষ দুটা দলৰ ভিতৰত স্থান লাভ কৰিব পাৰে।

ইফালে একে অৱস্থাত আছে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু । ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে জয়ৰ লগে লগে
০.১৬৬ নেট ৰাণ ৰেটে অধিক আশাব্যঞ্জক কৰি ৰাখিছে আৰচিবিক । কিন্তু পৰৰ্ৱতী এখন খেলত পৰাজয় হ’লেই প্লে অফৰ পৰা বাহিৰ হ’ব ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু ।

-০.২৬৮ নেট ৰাণ ৰেটৰ সমস্যা ভুগি আছে শিখৰ ধাৱান নেতৃত্বাধীন পঞ্জাৱ কিংছ । পঞ্জাব কিংছৰ বাবে ২০২৩ৰ লীগ পৰ্যায়ত শীৰ্ষ ৪ টা দলৰ ভিতৰত স্থান নিশ্চিত কৰিব বাবে পৰৱৰ্তী দুখন খেলৰ দুয়োখন খেলতে জয়লাভ কৰাটো বাঞ্চনীয় । নেট ৰাণ ৰেটৰ দুৰ্বলতাৰ বাবে এখনত পৰাজয়ৰ পাছতে নক আউট হ’ব পাৰে পঞ্জাৱ কিংছ ।

আশাব্যঞ্জক দল ৰাজস্থান ৰয়েলছে ৰয়েল কেৱল নিজৰ অন্তিমখন খেলত ডাঙৰ ব্যৱধানত জয়ী হোৱাই নহয়, আন কিছুমান ফলাফল নিৰ্ভৰ কৰিব লাগিব ৰাজস্থান ৰয়েলছে ।

কলকাতা নাইট ৰাইডাৰ্ছয়ে ১২ পইণ্ট আৰু -০.২৫৬ নেট ৰান ৰেটলৈ প্লে অফৰ অৰ্হতাৰ সম্ভাৱনা এডাল সূতাৰে ওলমি আছে। কে কে আৰে কেৱল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ডাঙৰ ব্যৱধানত পৰাস্ত কৰাই নহয়, আন প্ৰতিদ্বন্দ্বীসকলো ডাঙৰ ব্যৱধানত পৰাস্ত হ’ব লাগিব ।

ইতিমধ্যে ছানৰাইজাৰ হায়দৰাবাদ আৰু দিল্লী কেপিটেলছ প্লে অফৰ দৌৰৰ পৰা বাহিৰ হৈছে ।

লগতে পঢ়ক:Man throws sick child in front of CM:মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰৰ বাবে ৰোগীয়া পুত্ৰক মঞ্চলৈ দলিয়ালে শ্ৰমিকে