Local, Vocal, Global

Man throws sick child in front of CM:মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰৰ বাবে ৰোগীয়া পুত্ৰক মঞ্চলৈ দলিয়ালে শ্ৰমিকে

নিউজ ডেস্ক, ১৭ মে’: এগৰাকী দ্ৰৰিদ্ৰ শ্ৰমিকৰ শেষ ভৰসা আছিল মুখ্যমন্ত্ৰী( Madhya Pradesh CM)। দৰিদ্ৰতাই কোঙা কৰা নিজৰ পৰিয়ালটোক মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবলৈ এগৰাকী শ্ৰমিকে ইয়াতকৈ আৰু কি কৰিব পাৰে ? মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এখন ৰাজহুৱা সভাত ভাষণ দি থকাৰ সময়তে সংঘটিত হ’ল কোনেও ভাৱিব নোৱাৰা এই ঘটনা ।

নিজ পৰিয়ালৰ দৰিদ্ৰতা আৰু হতাশাৰ ছবিখন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দৃষ্টিগোচৰ কৰিবৰ বাবে ভাষণ দি থকা মঞ্চলৈ নিজ পুত্ৰক দলিয়াই দিয়ে এজন শ্ৰমিকে(Man throws sick child in front of CM)। মানুহৰ ভিৰৰ মাজত মঞ্চৰ পৰা এফুট দূৰত উবুৰি খাই পৰে এবছৰীয়া শিশুটি। ইয়াৰ লগে লগে অনুষ্ঠানত নিৰাপত্তাৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰি মাতৃৰ হাতত গতাই দিয়ে ।

জানিব পৰা মতে, শ্ৰমিক জনৰ পুত্ৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে । গতিকে শ্ৰমিক জনৰ এবছৰীয়া শিশুটিৰ আৰোগ্যৰ বাবে এক ব্যয়বহুল চিকিৎসাৰ প্ৰয়োজন । অৰ্থনৈতিকভাৱে অতি দুৰ্বল শ্ৰমিক জনে অৱশেষত এই সমস্যা জাতে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হয় তাৰ বাবে এই পদক্ষেপ হাতত লয় ।

অৱশ্যে মুখ্যমন্ত্ৰী চৌহানে(Madhya Pradesh CM Shivraj Singh Chouhan)শিশুটিৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে । উল্লেখ্য যে,শ্ৰমিকজনৰ নাম সাগৰৰ কেছলি তহচিলৰ সহজপুৰ গাঁৱৰ বাসিন্দা মুকেশ পেটেল। শ্ৰমিক গৰাকী পত্নী নেহা আৰু তেওঁলোকৰ এবছৰীয়া পুত্ৰৰ সৈতে থাকে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুকেশে কয় যে, ৩ মাহ বয়সত পুত্ৰৰ হৃদযন্ত্ৰত এটা ফুটা ধৰা পেলাইছিল চিকিৎসকে। সামৰ্থ্য নোহোৱাৰ পিছতো তেওঁ এতিয়ালৈকে পুত্ৰৰ চিকিৎসাৰ বাবে ৪ লাখৰো অধিক টকা খৰচ কৰা বুলি দাবী কৰে।

লগতে পঢ়ক: Junmoni Rabha killed in road accident: ৰহস্যৰ আৱৰ্তত জোনমণি ৰাভাৰ মৃত্যু !