Local, Vocal, Global

PFI members arrested:নগৰবেৰা অঞ্চলৰ পৰা আন এগৰাকী PFI সদস্যক গ্ৰেপ্তাৰ

গুৱাহাটী, ১৭ মে’: অসমত ভয়ংকৰ ৰূপত খোপনি পুতিছে PFI চমুকৈ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়ায়ে(Popular Front of India)। গোপন সূত্ৰৰ পম খেদি নিষিদ্ধ সংগঠন পি এফ আইৰ বিৰুদ্ধে অভিযান চলোৱাৰ পাছতে বুধবাৰে অসম আৰক্ষীয়ে(Assam police) আটক কৰে এজন পিএফআই সদস্যক ।

কামৰূপ জিলাৰ নগৰবেৰা অঞ্চলত অসম আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ধৃত পিএফআইৰ সদস্যজনৰ নাম আব্দুল ৰজ্জাক আলীক(Assam Police arrested another PFI member)। নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিৰেল আহমেদে জানিবলৈ দিয়া মতে, আব্দুল ৰজ্জাক আলী দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ।

পোলাহাৰটাৰী অঞ্চলত থকা বাসগৃহৰ পৰা ধৃত পিএফআই সদস্য আব্দুল ৰজাক আলীক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰে আৰক্ষীৰ বিষয়া গৰাকীয়ে ।

আৰক্ষীৰ বিষয়া গৰাকীয়ে এই সন্দৰ্ভত কয় যে, ‘যোৱা উক্ত অঞ্চলত অভিযান চলাই পিএফআইৰ সদস্য আব্দুল ৰজাক আলীক আটক কৰা হৈছিল । ইয়াৰ পাছতে বুধবাৰে গ্ৰেপ্তাৰ হয় ধৃত পিএফআইৰ সদস্য জনক । যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা পলাটক হৈ আছিল আব্দুল ৰজাক আলীক ।’

পিএফআইৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব । তদুপৰি নগৰবেৰা অঞ্চলত এতিয়াও পিএফআইৰ আন কেইজনমান সদস্য সক্ৰিয় হৈ আছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি সদৰি কৰিছে আৰক্ষীৰ বিষয়া গৰাকীয়ে ।

লগতে পঢ়ক:IPL 2023 Playoffs Scenarios:আই পি এলৰ প্লে অফৰ দৌৰত কোন কেইটা দল