Local, Vocal, Global

ৰয়েল চেলেঞ্জাৰ বাংগালুৰুৱে জিকিব ত্ৰয়োদশ সংস্কৰণ আই পি এল

ৰয়েল চেলেঞ্জাৰ বাংগালুৰুৱে জিকিব ত্ৰয়োদশ সংস্কৰণ আই পি এল৷ এই কথা আমি কোৱা নাই৷ এই কথা সদৰী কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা ধাৰা ভাষ্যকাৰ আকাশ চোপ্ৰাই৷ কিন্তু কেনেকৈ? কিয়নো বৰ্তমানেও আই পি এলক লৈ কোনো-কোনো ক্ষেত্ৰত সংকট অব্যাহত আছে৷ সেইসময়তে আকাশ চোপ্ৰাই কৈছে যে যদিহে UAEত আই পি এল অনুষ্ঠিত হয় আই পি এলৰ খিতাপ জিকিব বিৰাট কোহলী নেতৃত্বাধীন RCB-এ৷

UAEৰ পৰিস্থিতি ভাৰততকৈ বহুগুণে পৃথক৷ ভাৰতীয় বেটছমেনে UAEৰ শুকান পীটছৰ ফাইদা উঠাব পাৰে৷ UAEৰ ষ্টেডিয়ামসমূহৰ বাউণ্ডেৰী বৃহৎ আকাৰৰ৷ আৰু ৰয়েল চেলেঞ্জাৰ বাংগালুৰুৰ কমজোৰ বলিং গোটে তাত অত্যধিক পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে৷ লগতে UAEত স্পীন বলাৰ অধিক প্ৰভাৱশালী হয়৷ RCBৰ দলত আছে ভাৰতীয় স্পীনাৰ YUZVENDRA CHAHAL, ৱাশ্চিংটন সুন্দৰ, পৱন নেগিৰ লগতে ইংলেণ্ডৰ তাৰকা স্পীনাৰ মইন আলী৷ সেই মৰ্মে এই স্পীন যুটি অধিক প্ৰভাৱশালী হোৱাৰ সম্ভাৱনা আছে৷ লগতে বহুকেইজন আগশাৰীৰ বেগী বলাৰো RCB দলৰ সদস্য হৈ আছে৷

বৰ্তমানলৈ তিনিবাৰ আই পি এলৰ ফাইনেলত প্ৰবেশ কৰি খিতাপ অৰ্জনৰ পৰা বিৰত থকা RCB দলক লৈ আকাশ চোপ্ৰাই কৰা এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে৷