সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বর্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন
নিউজ ডেস্ক, ৭ ছেপ্তেম্বৰ : অহা ৯ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বর্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
এই উপলক্ষে প্ৰকাশিত কাৰ্যসূচী অনুসৰি ৯ ছেপ্টেম্বৰ পুৱা ৯.৩০ বজাৰ পৰা ক্ৰমে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, বৃক্ষ ৰোপণ, মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধক্ষ গোলাপ চন্দ্ৰ বৰগোঁহাইৰ প্ৰতিমূৰ্তি উন্মোচন, প্ৰদর্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন আৰু সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হব।
১০ ছেপ্টেম্বৰ পুৱা সামূহিক চাফাইৰ পিছতে দিনৰ ১১ বজাৰ পৰা অসমৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ : প্ৰত্যাহ্বান আৰু প্ৰত্যাশা শীৰ্ষক বিষয়ৰ ওপৰত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হব। বিয়লি মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক – কৰ্মচাৰী সকলৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। ১১ ছেপ্টেম্বৰ পুৱা ৭ বজাত সামূহিক চাফাইৰে শেষ দিনৰ অনুষ্ঠানৰ পাতনি মেলা হব।
ইয়াৰ পিছতে ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা আৰু দিনৰ ১২ বজাৰ পৰা মুকলি সভা ও স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হব। সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোনোৱাল, ৰামেশ্বৰ তেলী, শিক্ষা মন্ত্ৰী ৰনোজ পেগুকে আদি কৰি ভালে সংখ্যক বিশিষ্ট অতিথি উপস্থিত থাকিব। সন্ধিয়া বন্তী প্ৰজ্বলন আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানেৰে তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণি মৰা হব।