Local, Vocal, Global

পৰিয়ালটিৰ এমুঠি ভাতৰ বাবেই মৃত্যুক আঁকোৱালী লগা হ’ল প্ৰবিত্ৰই

নিউজ ডেস্ক, ২ আগষ্ট : পশ্চিম যোৰহাটৰ ধাবাৰ মালিকৰ নিৰ্মম প্ৰহাৰ বলী হ’ল কৰ্মচাৰী প্ৰবিত্ৰ তামুলী।

চিকিৎসাৰ বাবে ডিব্ৰগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল যদিও অৱশেষত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু হয় প্ৰবিত্ৰ তামুলী।

ইতিমধ্যে পৰিয়ালৰ লোকে পুলিবৰ আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰিছিল ধাবাৰ মালিকৰ বিৰুদ্ধে।

উল্লেখ্য যে, অতি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ লোক আছিল মৃত প্ৰবিত্ৰ তামুলী। পৰিয়ালটিৰ এমুঠি ভাতৰ বাবে সৌভাগ্য ধাবাৰ মালিকৰ নেতৃত্বত কাৰিকৰৰ কাম কৰিছিল প্ৰবিত্ৰ তামুলীয়ে।

বৰ্তমান ডিবুগড় মেডিকেল কলেজত মৰোনত্তৰ পৰীক্ষা কৰিবৰ নোৱাৰা বাবে আজি নস্বৰ দেহ অনা নহ’ল পশ্চিম যোৰহাটৰ বেজ গাঁওলৈ।