Local, Vocal, Global

Indrani Tahbildar Death Case : বিজেপি নেত্ৰীৰ আত্মহনন; চানমাৰি থানাত অনুৰাগ চলিহাক জেৰা !

নিউজ ডেস্ক, ১৫ আগষ্ট : ৰহস্যৰ অন্ত পৰা নাই বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত । ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ঘটনাৰ সন্দৰ্ভত ন ন তথ্য । এই তথ্যই এতিয়াই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ সন্দৰ্ভত নাম সাঙোৰ খাইছে ইজনৰ পিছত সিজনৰ । এই চাঞ্চল্যকৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাইছে ৫জনকৈ লোকৰ ।

কিন্তু পোহৰলৈ অহা নাই বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ প্ৰকৃত সত্য (Indrani Tahbildar Death Case)। এই ঘটনাৰ লগত নাম সাঙোৰ হোৱা অনুৰাগ চলিহা পলাতক অৱস্থাত আছিল কিন্তু পলাতক অৱস্থাত থকা অনুৰাগ চলিহাক (Anurag Chaliha) গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সোমবাৰে নিশা ডিমৌৰ পৰা আটক কৰে অনুৰাগ চলিহাক আৰু নিশাই গুৱাহাটীলৈ অনা হয়। বৰ্তমান চানমাৰি আৰক্ষী থানাত (Chandmari Police Station) আছে অনুৰাগ চলিহা। চানমাৰি থানাতে আৰক্ষীয়ে অনুৰাগক চলাব জেৰা।

উল্লেখ্য যে বিজেপি কিষাণ মৰ্চাৰ নেত্ৰীৰ মৃত্যুৰে নাম সাঙোৰ খোৱা অনুৰাগ চলিহাক সোমবাৰে নিশা শিৱসাগৰৰ ৰাজমাহী চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ডিমৌ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা চলিহাক ডিমৌ থানাত ৰখাৰ পিছত গুৱাহাটীলৈ অনা হয়।অভিযুক্ত অনুৰাগ চলিহাৰ গ্ৰেপ্তাৰৰ লগে লগে বিজেপি নেত্ৰীৰ মৃত্যুৰ আঁৰৰ ৰহস্য পোহৰলৈ অহাৰ আশা কৰিছে সকলোৱে । অনুৰাগ চলিহাৰ ম’বাইল পৰা হস্তক্ষেপ কৰি অভিমন্যু দাস নামৰ এগৰাকী অভিযুক্তই ফটো ভাইৰেল কৰাৰ অভিযোগ উঠিছিল। এছ আই কেলেংকাৰিৰ অভিযুক্ত দ্বিবন ডেকাও এই কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ উঠিছে।

উল্লেখ্য যে , বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনা ৰহস্যঘন ৷ প্ৰথমে সামাজিক মাধ্যমত ফটো ভাইৰেল, তাৰ পিছত বিজেপি নেত্ৰীৰ মৃত্যু ৷ ৬০ টাৰ অধিক শ্লিপিং টেবলেট লৈ মৃত্যু ইন্দ্ৰাণী তহবিলদাৰৰ ৷

নিজ ঘৰত শোৱণি কোঠাত মৃতদেহ উদ্ধাৰ বিজেপি কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰৰ ৷ অত্যাধিক শ্লিপিং টেবলেট লৈ জীৱনৰ চৰম পন্থা গ্ৰহণ কৰিলে নেকি মহিলাগৰাকীয়ে ? বিজেপি নেত্ৰী গৰাকীৰ মৃত্য়ুৰ ঘটনাই দলৰ লগতে অঞ্চলজুৰি সৃষ্টি কৰিছে ৰহস্যৰ ৷ ভাইৰেল ফটোত থকা দ্বিতীয়জন ব্যক্তি গোলাঘাট জিলা বিজেপিৰ কৰ্মকৰ্তা অনুৰাগ চলিহা ৷ এইগৰাকী বিজেপিৰ পালিনেতা অনুৰাগ চলিহাই ফটো ভাইৰেল কৰাৰ সন্দেহ কৰিছিল আৰক্ষীয়ে ৷ পিছে আৰক্ষীৰ অধিক অনুসন্ধানত পোহৰলৈ আহিছে অনুৰাগ চলিহাক কিছুদিন পূৰ্বে এটা অঞ্চলত একাংশ যুৱক যুৱতীয়ে আবদ্ধ ৰখাৰ তথ্য ৷ অনুৰাগ চলিহাক আবদ্ধ কৰাৰ অন্যতম কাৰণ আছিল যুৱক যুৱতীক চৰকাৰী চাকৰি, ঠিকা প্ৰদানৰ বিনিময়ত যুৱক যুৱতীৰ পৰা ধন সংগ্ৰহ কৰা ৷

গোলাঘাটৰ বিজেপি নেতা অনুৰাগ চলিহাৰ লগত থকা আপত্তিজনক ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে শ্লিপিং টেবলেট খাই আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় ইন্দ্ৰাণীয়ে । অনুৰাগ চলিহাৰ লগত থকা আপত্তিজনক ফটো কোনে সামাজিক মাধ্যমত ভাইৰেল কৰিলে তাৰ অনুসন্ধানত নামি পৰিছে আৰক্ষী ।

কাৰ মোবাইলৰ পৰা প্ৰথমে ফটো ভাইৰেল হ’ল সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে অৰক্ষীয়ে । কিন্তু এই ঘটনা সন্দৰ্ভত আৰক্ষী আৰু বিজেপি কৰ্মীয়ে কোনোৱে বৰ্তমানলৈ মুখ খোলা নাই । বিজেপি কৰ্মী হোৱা হেতুকে ধন সংগ্ৰহৰ বাট মুকলি কৰিছিল অনুৰাগ চলিহাই ৷ পিছে প্ৰৱঞ্চক অনুৰাগ চলিহাই সংগ্ৰহ কৰা ধন উভতাই দিব নোৱাৰাত বহুলোকে কাঢ়ি লৈছিল প্ৰৱঞ্চকটোৰ মোৱাইল, ঘড়ী তথা অন্যান্য সামগ্ৰী আৰু সেই স্থানৰ পৰাই অৱশেষত টকা উভতাই দিব নোৱাৰা অনুৰাগৰ মোবাইলত আৱদ্ধ হৈছিল গোপন ফটো, ভিডিঅ ।

সেই ভিডিঅ’ ভাইৰেল কৰিছিল । চাকৰি, ঠিকাৰ নামত সংগ্ৰহিত ধনৰ সতে অনুৰাগ চলিহাৰ লগত আত্মহনন কৰা বিজেপি নেত্ৰীগৰাকী জড়িত আছিল নে নাই, সেয়া এতিয়াও স্পষ্ট নহয় ৷ পিছে দুৰ্ভাগ্যজনক এই ঘটনা সংঘটিত হোৱাৰ পিছতহে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক :BJP Kisan Morcha leader suicide: ৰহস্যৰ ওৰ পৰা নাই বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ