বিয়াত শুভেচ্ছা দিবলৈ অহা প্ৰাক্তন প্ৰেমিকক সাবটি ধৰিলে কইনাই

আপোনাৰ বিয়াত প্ৰাক্তন প্ৰেমিকৰ উপস্থিতিত কি অনুভৱ হ’ব? আপোনাৰ বিয়াত যদি আপোনাৰ প্ৰাক্তন প্ৰেমিকজন আহি উপস্থিত হয় আপুনি সুখী হ’ব নে ভয় খাব? ইণ্ডোনেছিয়াৰ এখন বিয়াত সংঘটিত হৈছে আজৱ ঘটনা। ইণ্ডোনেছিয়াৰ এখন বিয়াত এক্স বয়ফ্ৰেণ্ড আহি উপস্থিত হোৱাৰ পাছত সৃষ্টি হোৱা পৰিৱেশৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিলে কইনাই। জানিব পৰা মতে বিয়াৰ ৰীতি-নীতি চলি থকাৰ সময়তে প্ৰাক্তন প্ৰেমিক উপস্থিত হয়হি। প্ৰাক্তন প্ৰেমিকজনে পূর্বৰ প্ৰেয়সীৰ বিয়াত উপস্থিত হৈ শুভেচ্ছা জনোৱাৰ উদ্দেশ্যৰে হেণ্ডচেকৰ বাবে আগবঢ়াই দিয়ে হাতখন। তেতিয়াই লাগিল অথন্তৰ। কইনাই প্ৰাক্তন প্ৰেমিকক চেক দিয়াৰ পৰিৱর্তে দৰাৰ ওচৰলৈ গৈ এক্স বয়ফ্ৰেণ্ডক এবাৰ সাবটি ধৰিবলৈ অনুমতি বিচাৰে। দৰায়ো কইনাক অনুমতি দিয়ে। লগে লগে প্ৰাক্তন প্ৰেমিকজনে দৰাকো সাবটি ধৰি শুভেচ্ছা জনায়।