জন্ম দিৱসত দেশবাসীৰ ইন্দিৰা স্মৰণ

১০৩ সংখ্যক জন্ম দিৱসত আজি দেশবাসীয়ে স্মৰণ কৰিছে ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহিলা প্ৰধান মন্ত্ৰী, লৌহমানৱী প্ৰয়াত ইন্দিৰা গান্ধী। পুৱাতে দিল্লীত থকা ইন্দিৰা গান্ধীৰ সমাধী স্থলীলৈ গৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে প্ৰয়াত প্ৰধান মন্ত্ৰী গৰাকীৰ নাতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । নিজৰ টুইটাৰ হেণ্ডেলত ৰাহুল গান্ধীয়ে তেওঁৰ আইতাকৰ এখন কলা বগা পুৰণি ফটো শ্বেয়াৰ কৰি ইন্দিৰা গান্ধী শক্তিৰ স্বৰূপ আছিল বুলি উল্লেখ কৰে।
एक कार्यकुशल प्रधानमंत्री और शक्ति स्वरूप श्रीमती इंदिरा गांधी जी की जयंती पर श्रद्धांजलि।
पूरा देश उनके प्रभावशाली नेतृत्व की आज भी मिसाल देता है लेकिन मैं उन्हें हमेशा अपनी प्यारी दादी के रूप में याद करता हूँ। उनकी सिखायी हुई बातें मुझे निरंतर प्रेरित करती हैं। pic.twitter.com/9RHDnAClOJ
— Rahul Gandhi (@RahulGandhi) November 19, 2020
লগতে ৰাহুল গান্ধৰ টুইট ‘সমগ্ৰ দেশে তেওঁৰ প্ৰভাৱ শালী নেত্ৰীত্বক আজিও শ্ৰদ্ধাৰে স্মৰণ কৰে, কিন্তু মই তেওঁক মনত পেলাও মোৰ সাদৰি আইতা ৰূপত।তেওঁ শিকাই যোৱা কথাবোৰে মোক আজিও প্ৰেৰণা দিয়ে।’ ইফালে দেশৰ অন্যান্য ৰাজ্য সমূহতো কংগ্ৰেছ কাৰ্যকৰ্তা সকলৰ লগতে নাগৰিক সমাজেও প্ৰয়াত প্ৰধান মন্ত্ৰী গৰাকীক বিভিন্ন কাৰ্যসূচীৰ মাজেৰে স্মৰণ কৰে। অসম প্ৰদেশ কংগ্ৰেছে দলৰ মূখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত কেন্দ্ৰীয় ভাৱে আয়োজন কৰিছে ইন্দিৰা গান্ধীৰ জন্ম দিৱসৰ কাৰ্যসূচী। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই সকলো জিলা কংগ্ৰেছ কমিটি আৰু ব্লক কংগ্ৰেছ কমিটিলৈ ইন্দিৰা গান্ধীৰ জন্ম দিৱস বৰ্ণাঢ্য ৰূপত পালন কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।