জলবায়ু পৰিৱর্তনৰে মোকাবিলা কৰিবলৈ হাতে–কামে লগা একমাত্র দেশ ভাৰত

ৰাষ্ট্রসংঘৰ ক’প–২৬ সন্মিলনত বিশ্ব নেতৃত্বৰ সন্মুখত জলবায়ু পৰিৱর্তনৰ বাবে কেইবাটাও গুৰুত্বপূর্ণ মন্ত্র আগবঢ়ায় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷ স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত ক’প–২৬ সন্মিলনত ঐতিহাসিক ভাষণ আগবঢ়াই প্রধানমন্ত্রী মোদীয়ে কয়– ৰাষ্ট্রসংঘৰ পেৰিছ চুক্তিৰ অধীনত জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰিবলৈ হাতে–কামে প্রতিশ্রুতিবদ্ধ বিশ্বৰ একমাত্র দেশ ভাৰত ৷ জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে গ্রহণ কৰা কেইবাটাও পৰিকল্পনাৰ লগতে মন্ত্রৰ বিষয়ে বিশ্ব নেতৃত্বক অৱগত কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ২০৩০ চনৰ ভিতৰত ভাৰতৰ মুঠ কার্বন নিগর্মনৰ ভিতৰত এক বিলিয়ন টন কার্বন নির্গমন হ্রাস কৰিব ৷ তদুপৰি ২০৭০ চনৰ ভিতৰত ভাৰতে শূন্য কার্বন নির্গমন দেশ হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছে ৷ তেনেদৰে ২০৩০ চনৰ ভিতৰত জীৱাশ্মবিহীন ইন্ধন শক্তি ৫০০ জিগাৱাট উৎপাদন বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে বুলিও প্রধানমন্ত্রী মোদীয়ে ভাষণত উল্লেখ কৰে ৷
বিশ্ব নেতৃত্বক ভাৰতীয় সংস্কৃতিৰ দ্বাৰা অনুপ্রাণিত কৰিবৰ কাৰণে নতুন মন্ত্র ‘লাইফ’ৰ প্রসংগ উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে ৷ প্রধানমন্ত্রীগৰাকীয়ে কয় যে বিশ্বৰ বহনক্ষম বিকাশৰ কাৰণে নতুন মন্ত্র লাইফ (লাইফ ষ্টাইল ফৰ এনভাইৰ’নমেণ্ট) অতি প্রাসংগিক হ’ব৷ মহাত্মা গান্ধীয়ে শিকাই যোৱা প্রকৃতিৰ সৈতে শান্তিপূর্ণ বাতাৱৰণ গঢ়াৰ যি আদর্শ, সেই আদর্শৰে বিশ্বই আগবাঢ়ি যাব লাগিব বুলিও কয় প্রধানমন্ত্রীগৰাকীয়ে ৷ গ্লাছগ’ত ভাষণ দি থকাৰ সময়তে প্রধানমন্ত্রী মোদীয়ে ক্ষুদ্র দ্বীপ ৰাষ্ট্রসমূহত আন্তঃগাঁথনি বিকাশৰ কাৰণে আইৰিছ (ইনিচিয়েটিভ ফৰ দ্য ৰিচাইলেণ্ড আইলেণ্ড ষ্টেটছ) মুকলি কৰে ৷ আইৰিছ মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ই নতুন আশা, নতুন বিশ্বাস ৷