Local, Vocal, Global

Chandrayaan 3: ৰাজ্য শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

নিউজ ডেস্ক, ২২আগষ্ট : ৰাজ্য শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশানা । কাইলৈ সন্ধিয়া ৬বজালৈ খোলা থাকিব বিদ্য়ালয়সমূহ । ৰাজ্যৰ সকলো বিদ্যালয় সন্ধিয়ালৈ খোলা ৰখাৰ নিৰ্দেশ অসম সৰ্বশিক্ষা অভিযান মিছনৰ। চন্দ্ৰযান -৩ৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহলৈ বিশেষ নিৰ্দেশনা । চন্দ্ৰযান -৩ৰ অৱতৰণৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাব লাগিব ছাত্ৰ-ছাত্ৰীক । বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক দেখুৱাব লাগিব চন্দ্ৰযান–৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিং(Assam Education Institutes Told To Arrange Live Feed Of Landing)।

ইতিমধ্যে বিদ্যালয় চৌহদত চন্দ্ৰযান–৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিঙৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়া হৈছে। বিদ্যালয়ৰ ওচৰ পাজৰৰ ছাত্ৰ-ছাত্ৰীকো লাইভ ষ্ট্ৰিমিং চাবলৈ আমন্ত্ৰণ জনোৱাৰ আহ্বান ৰাজ্য শিক্ষা বিভাগৰ ।

বুধবাৰে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰযান–৩ চন্দ্ৰমাৰ বুকুত অৱতৰণৰ আশা কৰা হৈছে। ভাৰতৰ বাবে এই গৌৰৱৰ মুহূৰ্ত সম্প্ৰচাৰ কৰা হ’ব টেলিভিছনত।

ই অভিযান সফল হ’লে বিশ্ববাসীৰ সন্মুখত ভাৰতৰ মহাকাশত বিজ্ঞান জিলিক ৰ’ব ৷ চন্দ্ৰযান-3য়ে সফলতা লাভ কৰিব বুলি আশা কৰিছে ভাৰতবাসীয়ে ৷ সেই গৌৰৱময় মুহূৰ্তৰ বাবে অপেক্ষাৰত ISROৰ বিজ্ঞানীসকল(Assam Education Institutes Told To Arrange Live Feed Of Landing) ৷

উল্লেখযোগ্য যে ভাৰতৰ এই চন্দ্ৰ অভিযানৰ ঐতিহাসিক মুহূৰ্তৰ বাবে অপেক্ষা কৰিছে দেশৰ লগতে বিশ্ববাসীয়ে।

ISROৰ তথ্য অনুসৰি, বুধবাৰে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান–৩য়ে ছফ্ট লেণ্ডিং কৰিব বুলি আশা কৰা হৈছে। চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান–৩ৰ অৱতৰণৰ ঐতিহাসিক মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰ হ’ব বুধবাৰে সন্ধিয়া ৫.২০ বজাৰ পৰা ।

লগতে পঢ়ক : Chandrayaan-3 : বিক্ৰম লেণ্ডাৰে প্ৰেৰণ কৰা নতুন ফটো শ্বেয়াৰ কৰিলে ISRO এ