Local, Vocal, Global

ভাৰতীয় সাংবাদিক সংস্হাৰ ধেমাজি জিলা কাৰ্যালয় উদ্বোধন

ডিজিটেল ডেস্ক:- ভাৰতীয় সাংবাদিক সন্থাৰ ধেমাজি জিলা সমিতিৰ কাৰ্যালয় আজি শুভ উদ্বোধন কৰে ধেমাজিৰ জেষ্ঠ সাংবাদিক তথা সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়া আৰু বিশিষ্ট অভিনেতা তথা সমাজকৰ্মী-ব্যৱসায়ী নিপ কোঁৱৰে । ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰনালয়ৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় সাংবাদিক সন্থাৰ অসম ৰাজ্যিক সমিতিৰ অন্তৰ্গত ধেমাজি জিলা সমিতিৰ কাৰ্যালয়টো উদ্বোধন কৰি জ্যেষ্ঠ সাংবাদিক-সাহিত্যিক তথা জিলাখনৰ এগৰাকী বিশিষ্ট নাগৰিক উমেশ চেতিয়াই ধেমাজি জিলাৰ সংবাদজগতত ভাৰতীয় সাংবাদিক সন্থাৰ সংযোজনে সংবাদসেৱাৰ ক্ষেত্ৰত জিলাখনৰ বাবে শুভ সংবাদ বুলি কয় ৷

ধেমাজি নগৰ থানা তিনিআলিৰ হৰিলাল ভৱনত উদ্বোধন কৰা কাৰ্যালয় উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে ভাৰতীয় সাংবাদিক সন্থা ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক ভৃগু কুমাৰ বৰুৱাই ৷ সন্থাটোৰ উপদেষ্টা কল্যাণ গগৈ, ভাৰপ্ৰাপ্ত সভাপতি কুশল চেতিয়া, টুলটুল দত্ত, অংকুৰ নৰহ, ৰঘু দাস আদি উপস্থিত থকা কাৰ্যালয় কক্ষটোৰ শুভ উদ্বোধন কৰি জিলাখনৰ আন এগৰাকী বিশিষ্ট নাগৰিক সমাজকৰ্মী-ব্যৱসায়ী নিপ কোঁৱৰে ভাৰতীয় সাংবাদিক সন্থাৰ ধেমাজি জিলা সমিতিয়ে ধেমাজিৰ সংবাদজগত তথা ৰাইজৰ সমস্যা সঠিক উপস্থাপনত আগভাগ লব বুলি আশা প্ৰকাশ কৰে ৷ ধেমাজি জিলাৰ আছু, এজেৱাইচিপি, টাইপাৰ লগতে বহুতো দ’ল-সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷