Local, Vocal, Global

নিখিল ভাৰত কৃষক সভা ৰূপসী আঞ্চলিক কমিটীৰ উদ্যোগত হালধীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ধৰ্মঘট

ডিজিটেল ডেস্ক:- নিখিল ভাৰত কৃষক সভা ৰূপসী আঞ্চলিক কমিটিৰ উদ্যোগত হালধীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ অৱস্থান ধৰ্মঘট। ৰহা উজানপাৰা মৰা নদীৰ ওপৰত কাঠৰ দলং নিৰ্মাণ কৰাৰ দাবীৰ দুইঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ। দলং নিৰ্মাণ নকৰিলে অনাগত দিনত অনিৰ্দিষ্টকালীন ধৰ্মঘট ৰূপায়ণৰো হুংকাৰ। আজি নিখিল ভাৰত কৃষক সভা ৰূপসী আঞ্চলিক কমিটিৰ উদ্যোগত হালধীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ত দলং নিৰ্মাণৰ দাবীত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে। উল্লেখযোগ্য যে স্বাধীনতাৰ ৭৫ বছৰ পাৰ হোৱাৰ পিছত উন্নয়নে ঢুকি নোপোৱা এখন গাঁও। গাঁওখন হৈছে জনীয়া সমষ্টিৰ উজনপাৰা।

জানিব পৰা মতে এই গাঁওখনত ৰাইজৰ দীৰ্ঘদিনীয়া এখন কাঠৰ দলঙৰ দাবী কোনো এজন জনপ্ৰতিনিধিয়ে এতিয়ালৈকে পূৰণ কৰিবলৈ সক্ষম হোৱা নাই। দেশ স্বাধীনৰ ৭৫সংখ্যক অমৃত মহোৎসৱ উদযাপন কৰাৰ পিছত ৰহাৰ উজনপাৰা চৰ সংযোগী ৰাইজৰ যাতায়াতৰ বাবে দীৰ্ঘদিনীয়া কাঠৰ দলঙৰ দাবী আজিলৈকে পূৰণ নহ’ল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰৰ ভাৰতবৰ্ষ বিশ্বৰ দৰবাৰত সুনাম অৰ্জন কৰাৰ পিছত বিজেপি নেতৃত্বাধীন ডাবল ইঞ্জিনৰ চৰকাৰৰ শাসনকালত ৰহাৰ উজানপাৰাবাসী ৰাইজে এতিয়াও মধ্যযুগীয়া দিন পাৰ কৰিব লগীয়া হৈছে।

উক্ত অঞ্চলৰ ৰাইজে এতিয়াও কলগছৰ ভুৰ নাইবা বাঁহৰ সাঁকোৰে মৰণক শৰণ দি যাতায়াত কৰিবলগীয়া হৈছে। নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিসকলে চৰবাসী ৰাইজক দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচন পাৰ হোৱাৰ পিছত চৰকাৰ তথা জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ ইতিবাচক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, গৰ্ভৱতী, প্ৰসূতি ৰোগীৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। যাৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধিৰ এনে দমন নীতিৰ বাবে আজি নিখিল ভাৰত কৃষক সভা ৰূপসী আঞ্চলিক কমিটীৰ উদ্যোগত ৰহাৰ উজানপাৰা মৰা নদীৰ ওপৰত কাঠৰ দলং নিৰ্মাণৰ দাবীত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে। যদি এই দাবী পালন নকৰে তেন্তে অহা মাহৰ ১১ তাৰিখত অনিৰ্দিষ্টকালীন ধৰ্মঘট ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে।