Local, Vocal, Global

ভুৱা বাতৰি প্ৰচাৰৰ অভিযোগত ভাৰত চৰকাৰে বন্ধ কৰিলে ২২টাকৈ ইউটিউব চেনেল

নিউজ ডেস্ক,৫ এপ্ৰিলঃ ভাৰত চৰকাৰে ব্লক কৰিলে ২২টাকৈ ইউটিউব চেনেল। চৰকাৰে নতুন আইটি নিয়ম ২০২১ অনুসৰি ২২ টা ইউটিউব চেনেল ব্লক কৰিছে। ইয়াৰ ভিতৰত পাকিস্তানৰ চাৰিটা চেনেলো অন্তৰ্ভুক্ত আছে।

খবৰ অনুসৰি, ৰাষ্ট্ৰীয় সুৰক্ষা, বৈদেশিক সম্পৰ্ক আৰু ৰাজহুৱা শৃংখলা সম্পৰ্কীয় মিছা বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে এই চেনেলসমূহ নিষিদ্ধ কৰা হৈছে। প্ৰথমবাৰৰ বাবে, এই ১৮ টা চেনেল নতুন আইটি নিয়ম ২০২১-ৰ অধীনত ব্লক কৰা হৈছে।

নিষিদ্ধ কৰা ইউটিউব চেনেল কেইটাৰ ভিতৰত ১৮ টা ভাৰতীয় ইউটিউব নিউজ চেনেল আৰু চাৰিটা পাকিস্তানী নিউজ চেনেল।

এক বিবৃতিত চৰকাৰে কয় যে ইউটিউবত বহুতো চেনেলে ভাৰতীয় সশস্ত্ৰ বাহিনী, জম্মু-কাশ্মীৰৰ দৰে বহুতো সংবেদনশীল বিষয়ত ভুৱা বাতৰি বা মিছা বাতৰি পোষ্ট কৰে।

কিছুমান অসামাজিক উপাদানে সামাজিক মাধ্যমৰ জৰিয়তে ভাৰত বিৰোধী সমল প্ৰচাৰ কৰে। এই চেনেলবোৰ পাকিস্তানৰ পৰা কাম কৰে। এই চেনেলবোৰো ব্লক কৰা হৈছে।