Local, Vocal, Global

পুনৰ পশ্চিমবংগৰ বীৰুভমত ৩০টাকৈ বোমা উদ্ধাৰ

নিউজ ডেস্ক,৫ এপ্ৰিলঃ মঙলবাৰে পশ্চিম বংগৰ বীৰভূম জিলাত প্ৰায় ৩০ টা হস্ত নিৰ্মিত বোমা উদ্ধাৰ কৰা হয়।

এ এন আইয়ে জনায় যে, বীৰভূম জিলাৰ লোকপুৰৰ বনাঞ্চলৰ পৰা বোমাবোৰ উদ্ধাৰ কৰা হয়।

খবৰ অনুসৰি, অঞ্চলটোত এটা প্লাষ্টিকৰ বাল্টিৰ ভিতৰত অশোধিত বোমা পোৱা গৈছিল।

জানিব পৰা মতে, যি ঠাইত বোমা পোৱা গৈছিল সেই ঠাইখিনি ঘেৰাও কৰা হৈছে আৰু পশ্চিম বংগ আৰক্ষীৰ দ্বাৰা বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে।

ইফালে, ঘটনাস্থলীত বম্ব স্কোয়াডৰ এটা দল উপস্থিত হৈ বোমাবোৰ নিষ্ক্ৰিয় কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বীৰভূম জিলাৰ চিংকন্দৰপুৰ গাঁৱৰ এখন খেলপথাৰৰ ওচৰত প্ৰায় ৩০ টা বোমা পোৱা গৈছিল।